দিল্লীত পুনৰ সংঘটিত হৈছে শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড সদৃশ ঘটনা! এইবাৰ দিল্লীৰ পাণ্ডৱ নগৰত পত্নী আৰু পুত্ৰই এজন ব্যক্তিক হত্যা কৰাৰ পিছত মৃতদেহ কাটি ২২ টুকুৰা কৰি ফ্ৰীজত ভৰাই ৰাখে। ইয়াৰ পিছতে পাণ্ডৱ নগৰ আৰু ইয়াৰ আশে-পাশে আৰু পূব দিল্লীত দিনে দিনে এই অংশবোৰ পেলাই দিয়া হৈছিল।
মৃত লোকজনৰ নাম অঞ্জন দাস। News18 য়ে জানিব পৰা অনুসৰি, অভিযুক্ত তেওঁৰ পত্নী পুনম আৰু পুত্ৰ দীপকে অঞ্জন দাসক অবৈধ প্ৰেমৰ সম্পৰ্কৰ বাবে মাদক দ্ৰব্য প্ৰয়োগ কৰি হত্যা কৰিছিল আৰু তাৰ পিছত তেওঁৰ মৃতদেহ টুকুৰা-টুকুৰ কৰি তেওঁলোকৰ ত্ৰিলোকপুৰী ঘৰৰ ফ্ৰীজত জমা কৰি ৰাখিছিল।
এই গোচৰটো চৰ্চালৈ আহে যেতিয়া দিল্লী আৰক্ষীয়ে পাণ্ডৱ নগৰ অঞ্চলত সিঁচৰতি হৈ থকা শৰীৰৰ অংগ উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, দাসৰ মৃতদেহৰ টুকুৰাবোৰ দৈনিক পাণ্ডৱ নগৰ আৰু পূব দিল্লীৰ বিভিন্ন অঞ্চলত নিক্ষেপ কৰা হৈছিল।
আৰক্ষীয়ে নিশ্চিত কৰিছে যে দাসৰ পত্নী আৰু পুত্ৰই মৃতদেহটো টুকুৰা টুকুৰ কৰি ফ্ৰীজত জমা কৰি ৰাখিছিল আৰু শেষত পাণ্ডৱ নগৰ অঞ্চলত পেলাই দিছিল।
অভিযুক্ত পুনমে কয়, "অঞ্জন দাসৰ মোৰ সন্তানৰ প্ৰতি অসৎ উদ্দেশ্য আছিল আৰু সেইবাবেই মই সেই কামটো কৰিলোঁ। মোৰ ল’ৰাটোৱে দাসক দাৰে হত্যা কৰিলে, মই কৰা নাছিলো।"
আৰক্ষীয়ে নিশ্চিত কৰা এটা চিচিটিভি ফুটেজত দেখা গৈছে যে দীপকে গভীৰ নিশা হাতত বেগ লৈ খোজ কাঢ়ি গৈ আছে। আৰক্ষীয়ে কয় যে এইটো এনেকুৱা এটা সময় হ’ব পাৰে, যেতিয়া পুত্ৰই টুকুৰাবোৰ পেলাই দিবলৈ ঘৰৰ পৰা ওলাই গৈছিল। তেওঁৰ পিছে পিছে তেওঁৰ মাতৃ পুনমকো দেখা যায়।
অভিযুক্তৰ ঘৰৰ মালিকে আৰক্ষীক জনোৱা মতে, দম্পতীহালে সঘনাই কাজিয়া কৰিছিল আৰু তেওঁ মাজে মাজে তেওঁলোকক কাজিয়া বন্ধ কৰিবলৈ কৈছিল। কিন্তু অভিযুক্তই কয় যে তেওঁৰ স্বামী মদ্যপায়ী আছিল। প্ৰায় ছবছৰ ধৰি সেই ঘৰটোত দুয়োজনে বসবাস কৰি আছে।
আৰক্ষীয়ে জনোৱা মতে, যোৱা সাত-আঠ মাহত কোনেও মৃত লোকজনক দেখা নাছিল। পুনমে আনক কৈছিল যে অঞ্জন জন্ম গাঁৱলৈ গৈছে।
আৰক্ষীৰ মতে, দাসৰ শৰীৰৰ অংগ উদ্ধাৰৰ পিছত পাণ্ডৱ নগৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা) আৰু ২০১ (প্ৰমাণ নোহোৱা কৰি ভুৱা তথ্য দিয়া) ধাৰাত গোচৰ ৰুজু কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|