নগাঁৱৰ জুৰীয়াত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ পুনৰ এনকাউণ্টাৰ (Encounter)। জালনোট ব্যৱসায়ী চক্ৰ উৎখাত (Fake Note Racket) কৰিবলৈ যাওঁতেই আৰক্ষীৰ সৈতে এনকাউণ্টাৰ হয় জালনোট ব্যৱসায়ীৰ।
নগাঁও আৰক্ষী (Nagaon Police)ৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক (DSP) দিপ্তী মালিৰ নেতৃত্বত জুৰীয়াৰ বগৰিগুৰীত এটা জালনোট ব্যৱসায়ী চক্ৰ উৎখাত কৰিবলৈ যাওঁতে প্ৰথমে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হোৱাৰ পিছত আৰক্ষীক গুলীয়াবলৈ উদ্যত হয় জালনোট ব্যৱসায়ী ৰুস্তম আলী আৰু আন কেইটামান দুৰ্বৃত্ত। পিছত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী কৰাত ৰুস্তম আলীৰ ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হয়।
উল্লেখ্য যে ধৃত ৰুস্তম আলীৰ নেতৃত্বত তেজপুৰৰ সমীপৰ জামুগুৰিৰ এটা সাতজনীয়া দুৰ্বৃত্তৰ দলে জাল নোটৰ নেটৱৰ্ক (Fake Note Racket) গঢ়ি তুলিছিল। তেজপুৰৰ পৰা দুজন জালনোট ব্যৱসায়ী জালনোট বনোৱা মেচিন আৰু কেমিকেলসহ জুৰীয়াৰ বগুৰাগুৰীৰ মোবাৰক আলীৰ ঘৰত আহিব বুলি আৰক্ষীৰ চোৰাংচোৱাই এক গোপন খবৰ লাভ কৰিছিল ৷ সেই মতে যথাস্থানত উপস্থিত হোৱা ছদ্মবেশী আৰক্ষীৰ দলটোক আচল টকাতকৈ ৩০ শতাংশ বেছি জালনোট দিব বুলি দৰ-দাম চলি আছিল। সেই সময়তে জালনোট ব্যৱসায়ীৰ দলটোৱে আৰক্ষীয়ে লগত লৈ যোৱা বেগটোত টকা আছে বুলি ভাবি ডকাইতিৰ উদ্দেশে টনা-টনি আৰম্ভ কৰাৰ লগতে পিষ্টল উলিয়াই গুলীয়াবলৈ উদ্যত হয় জালনোট ব্যৱসায়ীৰ দলটোৱে ৷ পিছত আত্মৰক্ষাৰ বাবে আৰক্ষীৰ দলটোৱে গুলীচালনা কৰাত ৰুস্তম আলী নামৰ জালনোট ব্যৱসায়ীটো আহত হয় যদিও বাকী দুৰ্বৃত্তকেইটা পলাই যাবলৈ সক্ষম হয়।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আহত ৰুস্তম আলী বৰ্তমান জুৰীয়াৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 24, 2021, 21:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।