• Home
  • »
  • News
  • »
  • crime
  • »
  • সান্ধ্য আইনৰ মাজতে কাছ মাংসৰ অবাধ বেহা। নিশা এম্বুলেন্সত আৰক্ষীয়ে জব্দ কৰিলে কাছ মাংস।

সান্ধ্য আইনৰ মাজতে কাছ মাংসৰ অবাধ বেহা। নিশা এম্বুলেন্সত আৰক্ষীয়ে জব্দ কৰিলে কাছ মাংস।

ক'ৰোনা ভাইৰাছ আৰু ল'কডাউন সৃষ্ট পৰিৱেশৰ মাজতে গহপুৰত এম্বুলেঞ্চত উদ্ধাৰ হ'ল কাছৰ মাংস।কাছ মাংস উদ্ধাৰ হোৱা এম্বুলেন্সখন জব্দ কৰিলে বন বিভাগে।

  • Share this:
ক'ৰোনা ভাইৰাছ আৰু ল'কডাউন সৃষ্ট পৰিৱেশৰ মাজতে গহপুৰত এম্বুলেঞ্চত উদ্ধাৰ হ'ল কাছৰ মাংস। ঘাহিগাঁও বনাঞ্চলিক কাৰ্যালয় আৰু গোপালজাৰনী বন শিবিৰৰ কৰ্মচাৰী সকলৰ সযোগত বুধবাৰে নিশা গহপুৰৰ ডিপৰাৰত গোপন তথ্যৰ ভিত্তিত ৰোগী কঢ়িওৱা  AS 12 BC4421 নম্বৰৰ এখন এম্বুলেন্সৰ পৰা ডেৰ কেজি  কাছ মাংস উদ্ধাৰ কৰে বন বিভাগৰ লোকসকলে।

এম্বুলেঞ্চখনৰ মালিক তথা চালক গহপুৰ চতিয়াচুকৰ  দিগন্ত ভূঞা আৰু ডিপৰা কঠালনীবাৰীৰ  শশীধৰ দাসৰ পৰা উদ্ধাৰ কৰে কাছ মাংসখিনি। বিভিন্ন সময়ত গহপুৰ  অসামৰিক চিকিৎসালয়ৰ পৰা ৰোগী কঢ়িয়াই উক্ত এম্বুলেঞ্চখনে। কাজিৰঙা ষষ্ঠ সংযোজনৰ গাতে লাগি থকা বিশাল ব্ৰহ্মপুত্ৰৰ পৰা কাছটো ধৰাৰ সন্দেহ বন বিভাগৰ লোকৰ। দুষ্পাপ্ৰ্য কাছ মাংস ভক্ষণ কৰিবলৈ শশীধৰ দাসৰ পৰা দিগন্ত ভূঞাই ক্ৰয় কৰিছিল ৷  দুয়োগৰাকী  ব্যক্তিকে নিশাই বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডল কাৰ্যালয়ত গহপুৰৰ বন বিভাগৰ লোকে চমজাই দিয়ে। এনেদৰে বহু দিনৰ পৰা চোৰাংকৈ চলি আহিছিল কাছ মাংসৰ বেহা। অৱশেষত ৰোগী কঢ়িওৱা এম্বুলেঞ্চত কাছ মাংস ওলোৱা ঘটনাই চকু কপালত তুলিছে সচেতন মহলৰ। জানিব পৰা অনুসৰি তেজপুৰৰ টাইমছ হস্পিতালৰ পৰা উভতি অহাৰ পথত এম্বুলেন্সখনৰ পৰা মাংসখিনি উদ্ধাৰ হৈছে ৷ ইতিমধ্যে বন বিভাগৰ লোকে মাংসসহ দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ লগতে এম্বুলেন্সখন জব্দ কৰিছে আৰু আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷
Published by:Kokil Sarma
First published: