• Home
  • »
  • News
  • »
  • crime
  • »
  • শিক্ষয়িত্ৰীয়ে বনালে ছাত্ৰীৰ অশ্লীল ভিডিঅ’, ঘটনা পোহৰলৈ অহাৰ পিছতে বাইদেউৰ পলায়ন, ভিডিঅ’ ভাইৰেল কৰাৰ দুশ্চিন্তাত শিক্ষাৰ্থী

শিক্ষয়িত্ৰীয়ে বনালে ছাত্ৰীৰ অশ্লীল ভিডিঅ’, ঘটনা পোহৰলৈ অহাৰ পিছতে বাইদেউৰ পলায়ন, ভিডিঅ’ ভাইৰেল কৰাৰ দুশ্চিন্তাত শিক্ষাৰ্থী

প্ৰতীকী ফটো

প্ৰতীকী ফটো

এতিয়া কেইবাগৰাকীও ছাত্ৰীৰ এই কথা ভাৱি অৱস্থা বেয়া হৈ পৰিছে যে কিবা কাৰণত যদি শিক্ষয়িত্ৰীগৰাকীয়ে সেই ভিডিঅ’ বা ফটো ভাইৰেল কৰি দিয়ে!

  • Share this:


উত্তৰ প্ৰদেশৰ আলীগড়ত মডৰাক অঞ্চলৰ কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয়ত এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীনিবাসত ছাত্ৰীৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰিছিল। অভিযোগ উঠিছে যে শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীসকলক ধমক দিছিল যে যদি তেওঁলোকে এই বিষয়ে পৰিয়ালক জনায় তেন্তে তেওঁ পৰিয়ালৰ ওপৰত মিছা গোচৰ দি ফচাই দিব। যেতিয়া এই কথা শিক্ষাৰ্থীৰ পৰিয়ালে জানিব পাৰিলে তাৰ পিছতে সৃষ্টি হ’ল হুলস্থুল।

সকলো অভিভাৱক একত্ৰিত হৈ অভিযোগ কৰিবলৈ ছাত্ৰীনিবাসত উপস্থিত হ’ল। উপস্থিত হ’ল আৰক্ষীও। কিন্তু সুযোগ বুজি শিক্ষয়িত্ৰীগৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হয়। এতিয়া কেইবাগৰাকীও ছাত্ৰীৰ এই কথা ভাৱি অৱস্থা বেয়া হৈ পৰিছে যে কিবা কাৰণত যদি শিক্ষয়িত্ৰীগৰাকীয়ে সেই ভিডিঅ’ বা ফটো ভাইৰেল কৰি দিয়ে! কিয়নো তেওঁৰ চৰিত্ৰ এতিয়াহে বুজিব পৰা গৈছে।

ভুক্তভোগী ছাত্ৰীৰ অভিযোগ, বিজ্ঞানৰ শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীনিবাসত কাপোৰ সলোৱা বা গা ধোৱাৰ সময়ৰ ভিডিঅ’–ফটো প্ৰস্তুত কৰিছে। আনহাতে, কেইবাগৰাকীও ছাত্ৰীক হাস্পতালত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী তুলি থানাত অভিযোগ দাখিল কৰিছে।পৰিয়ালৰ মন্তব্য, শিক্ষয়িত্ৰীগৰাকীৰ ম’বাইলত কেনেধৰণৰ ভিডিঅ’ বা ফটো আছে সেয়া তেওঁ জানে, কিন্তু ভুক্তভোগী ছাত্ৰীসকলে যিধৰণে ভয় খাইছে, তেওঁ যাতে কোনো অঘটন ঘটনাব নোৱাৰে।



Published by:Sanjay Kumar Das
First published: