• Home
  • »
  • News
  • »
  • crime
  • »
  • Jagirod Kidney Scam : জাগীৰোডৰ কিডনী ব্যৱসায় চক্ৰৰ এজেণ্ট ৰমেন মেধিৰ আত্মসমৰ্পণ। মাষ্টাৰমাইণ্ড প্লাৱন বৰঠাকুৰৰ নাম লৈছে ৰমেনে।

Jagirod Kidney Scam : জাগীৰোডৰ কিডনী ব্যৱসায় চক্ৰৰ এজেণ্ট ৰমেন মেধিৰ আত্মসমৰ্পণ। মাষ্টাৰমাইণ্ড প্লাৱন বৰঠাকুৰৰ নাম লৈছে ৰমেনে।

ৰমেন মেধিয়ে লৈছে চক্ৰটোৰ সৈতে জড়িত প্লাৱন বৰঠাকুৰ নামৰ আন এজন ব্যক্তিৰ নাম ৷ মাষ্টাৰমাইণ্ড প্লাবন বৰঠাকুৰ বৰ্তমান পত্নীৰ সৈতে ধুবুৰীত থাকে৷

ৰমেন মেধিয়ে লৈছে চক্ৰটোৰ সৈতে জড়িত প্লাৱন বৰঠাকুৰ নামৰ আন এজন ব্যক্তিৰ নাম ৷ মাষ্টাৰমাইণ্ড প্লাবন বৰঠাকুৰ বৰ্তমান পত্নীৰ সৈতে ধুবুৰীত থাকে৷

ৰমেন মেধিয়ে লৈছে চক্ৰটোৰ সৈতে জড়িত প্লাৱন বৰঠাকুৰ নামৰ আন এজন ব্যক্তিৰ নাম ৷ মাষ্টাৰমাইণ্ড প্লাবন বৰঠাকুৰ বৰ্তমান পত্নীৰ সৈতে ধুবুৰীত থাকে৷

  • Share this:
অবশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে জাগীৰোডৰ কিডনী কাণ্ড (Kidney Scam)ৰ মূল এজেণ্ট ৰমেন মেধি ৷ মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী চকীত আত্মসমৰ্পণ কৰে অভিযুক্ত ৰমেনে ৷ মানৱ দেহৰ অংগ ব্যৱসায় চক্ৰটোৰ স্থানীয় এজেণ্ট হিচাপে কাম কৰাৰ অভিযোগ আছিল ৰমেন মেধিৰ বিৰুদ্ধে ৷

উল্লেখ্য যে আত্মসমৰ্পণকাৰী ৰমেন মেধিয়ে লৈছে চক্ৰটোৰ সৈতে জড়িত প্লাৱন বৰঠাকুৰ (Plaban Barthakur) নামৰ আন এজন ব্যক্তিৰ নাম ৷ চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড প্লাবন বৰঠাকুৰৰ ঘৰ নগাঁও জিলাৰ হাতীচুঙত যদিও বৰ্তমান পত্নীৰ সৈতে ধুবুৰীত থাকে বুলি জানিব পৰা গৈছে ৷ আৰু এই প্লাবন বৰঠাকুৰৰ নেতৃত্বতেই সহজ সৰল লোকসকলক ধনৰ প্ৰলোভনেৰে কিডনী বিক্ৰী কৰোৱাৰ কাম কৰিছিল ৰমেন মেধিয়ে ৷ যিকোনো মূহুৰ্তত আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছেে চক্ৰটোৰ মাষ্টাৰমাইণ্ড প্লাৱন বৰঠাাকুৰ ৷

উল্লেখ্য যে জাগীৰোড (Jagirod)ৰ দক্ষিণ ধৰমতুলৰ কেইবাগৰাকী দৰিদ্ৰ লোকক ধনৰ প্ৰলোভনেৰে বৃক্ক (Kidney) দান কৰোৱাত আগভাগ লৈছিল ধৃত ৰমেন মেধিয়ে ৷ গুৱাহাটীৰ লখৰাৰ বড়ো উপাধীৰ এগৰাকী মহিলাক আটক কৰাৰ পিছৰে পৰা পলাতক হৈ আছিল ৰমেন ৷ আৰু সোমবাৰে ধৰমতুল আৰক্ষী থানাত ৰমেন মেধিয়ে আত্মসমৰ্পণ কৰে  ৷ বৰ্তমান নেলী আৰক্ষী চকীত ৰমেন মেধিৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে শনিবাৰে কেইবাগৰাকী লোকক কিডনী দানৰ বাবে আগধন দিবলৈ অহাৰ সময়তে বড়ো উপাধিৰ ৰহস্যময়ী মহিলাগৰাকী ৰোষত পৰিছিল স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ ৷ AS-01-EF-2838 নম্বৰৰ বিলাসী বাহনত অহা মহিলাগৰাকীয়ে অঞ্চলটোৰ পানীৰাম দাস নামৰ এজন লোকৰ ঘৰত বহি ধনৰ লেনদেন কৰি থকাৰ সময়তে হাতে-লোটে কৰায়ত্ত কৰাৰ লগতে স্থানীয় লোক আৰু গাঁওৰক্ষী বাহিনীৰ লোকে উদ্ধাৰ কৰিছিল এখন চেক বুক আৰু বৃহৎ পৰিমাণৰ নগদ ধন ৷ লগে লগে স্থানীয় ৰাইজে নেলী আৰক্ষীক গতাই দিছিল মহিলাগৰাকীক ৷ তেতিয়াৰে পৰা এই চক্ৰটোৰ লগত জৰিত ৰমেন মেধিৰ লগতে স্থানীয় এজেন্ট সকলকো কৰায়ত্ব কৰিবলৈ প্ৰশাসনক দাবী জনাইছিল অঞ্চলটোৰ ৰাইজে ৷

মঙ্গলবাৰে গাঁওখনত উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত সীমা ৰেখা ভূঞাই ৷ সকলো দিশ পুংখানুপুংখ ভাৱে চালি-জাৰি চোৱাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলিও জনায় উপায়ুক্ত গৰাকীয়ে ৷
Published by:Manjumoni Borah
First published: