হাইলাকান্দিত আৰক্ষীৰ এনকাউন্টাৰ । মঙ্গলবাৰে নিশা হাইলাকান্দিত আৰক্ষীৰ গুলিত আহত কুখ্যাত ড্ৰাগ মাফিয়া ছেলিম উদ্দিন লস্কৰ ওৰফে মনাই । তেওঁক যোৱা নিশা ড্ৰাগছ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।

যোৱা ২৪ ঘন্টাত ৰাজ্যত দুটা এনকাউন্টাৰ । মৰানৰ পিছতে হাইলাকান্দিত আৰক্ষীৰ গুলী । গুলী লগাৰ ফলত ভৰিত আঘাতপ্ৰাপ্ত হৈছে কুখ্যাত ড্ৰাগ মাফিয়া ছেলিম উদ্দিন লষ্কৰ ওৰফে মনাই । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত যোৱা নিশা হাইলাকান্দি চহৰতলীৰ ভিচিংছা এলেকাৰ পৰা প্ৰায় ৪ গ্ৰাম ড্ৰাগ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে ছেলিম উদ্দিনক । পিছতে নিশা আৰু অধিক ড্ৰাগ উদ্ধাৰৰ বাবে মনাইক লগত লৈ স্থানীয় মাটিজুৰি এলেকা অভিমুখে অভিযানত গৈ আছিল আৰক্ষী দল। কিন্তু যোৱাৰ পথত পাইকান এলেকাত উপস্হিত হোৱাৰ পিছতে হঠাতে এজন উপ পৰিদৰ্ষকৰ বন্দুক কাঢ়ি পলাই যোৱাৰ চেষ্টা কৰে আৰু তেতিয়া মনাইক আৰক্ষীয়ে ভৰিত গুলী কৰে । বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আহত ছেলিম উদ্দিন।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|