• Home
  • »
  • News
  • »
  • crime
  • »
  • Son Killed Mother: নিঃসন্তান দম্পতীয়ে ৪ দিনৰ বয়সতে তুলি লোৱা পুত্ৰই নিজ হাতে ডিঙ চেপি হত্যা কৰিলে মাতৃক

Son Killed Mother: নিঃসন্তান দম্পতীয়ে ৪ দিনৰ বয়সতে তুলি লোৱা পুত্ৰই নিজ হাতে ডিঙ চেপি হত্যা কৰিলে মাতৃক

Son Killed Mother: পালিত পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । পুত্ৰই নিজ হাতেৰে ডিঙি চেপি হত্যা কৰিলে মাতৃক । এই ঘটনাক কেন্দ্ৰ কৰি হাইলাকান্দি নগৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

  • Share this:
এক জঘন্য ঘটনাই জোকাৰি গ'ল হাইলাকান্দি জিলা সদৰ । বৃহস্পতিবাৰ জিলা সদৰৰ টোল ৰোড এলেকাত সংঘটিত হয় এক জঘন্য হত্যাৰ ঘটনা । টোল ৰোডৰ এটা ভাড়া ঘৰত কেইবাবছৰৰ পৰা নিজ পালিত পুত্ৰ ত্ৰিদিপ দেৱৰয়ৰ সৈতে বসবাস কৰিছিলে জয়শ্ৰী দেৱৰয় নামৰ এগৰাকী বৃদ্ধাই । হাইলাকান্দি জিলা কোষাগাৰৰ চাকৰিৰ পৰা ২০২০ চনত অবসৰ গ্ৰহণ কৰিছিলে মহিলাগৰাকীয়ে । তেওঁৰ স্বামী দিলীপ দেৱৰয় কৰ্মসূত্ৰে অন্য ঠাইত বাস কৰে ।

নিঃসন্তান দেৱৰয় দম্পতীয়ে মাত্ৰ চাৰি দিনৰ বয়সত ত্ৰিদিপক দত্তক লৈছিল । কিন্তু বিগত কিছু বছৰৰ পৰা এই পালিত পুত্ৰই বিভিন্ন অজুহাতত মাতৃৰ পৰা টকা দাবী কৰি আছিল। পুত্ৰৰ এই অত্যাচাৰৰ কথা মাতৃয়ে আত্মীয়সকলক অৱগত কৰাইছিলে ।

ইপিনে, আজি ৰাতিপুৱা প্ৰতিবেশীসকলে ঘৰৰ মজিয়াত জয়শ্ৰী দেৱৰয়ৰ নিথৰ দেহ পৰি থকা দেখি তেওঁৰ আত্মীয় তথা আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহৰ কাষৰ পৰা এডাল প্লাস্তিক ৰছী উদ্ধাৰ কৰে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে মহিলা গৰাকীক ডিঙি চেপি হত্যা কৰা হৈছে বুলি অনুমান কৰিছে। আনহাতে পু্ত্ৰ ত্ৰিদিপ দেবৰয়ৰ শৰীৰত নখৰ আঘাতৰ চিন স্পষ্ট আছিলে ।

আৰক্ষীয়ে ইতিমধ্যে পুত্ৰ ত্ৰিদিপ দেবৰয়ক গ্ৰেপ্তাৰ কৰিছে । লগতে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে বি কম তৃতীয় ছেমিষ্টাৰৰ ছাত্ৰ ত্ৰিদিপ ড্ৰাগ আৰু বিভিন্ন প্ৰকাৰৰ জুয়াৰ প্ৰতি আসক্ত আছিলে বুলি প্ৰতিবেশী সকলে অভিযোগ কৰিছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি