গ্ৰাহকক ঋণ দিয়াৰ নামত ১০ কোটি টকা আত্মসাতৰ অভিযোগ
গ্ৰাহকৰ পৰা প্ৰৱঞ্চনাৰে ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতা সুশান্ত বৰুৱা (Actor Sushanta Baruah arrested)। আজি পাণবজাৰ আৰক্ষীয়ে বৰুৱাক গ্ৰেপ্তাৰ কৰে। কেইদিনমান পূৰ্বে বৰুৱাৰ বিৰুদ্ধে ফাঁচীবজাৰৰ কানাড়া বেংকৰ (canara bank) গ্ৰাহকক ঋণ দিয়াৰ নামত ১০ কোটি টকা আত্মসাতৰ অভিযোগ উত্থাপন কৰিছিল ভুক্তভোগী গ্ৰাহকসকলে।
বৰুৱাৰ বিৰুদ্ধে ইতিমধ্যে দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল হাতীগাঁও আৰু পাণবজাৰ থানাত। যোৱা ৯ ডিচেম্বৰত বৰুৱাক হাতীগাঁও থানাই গ্ৰেপ্তাৰ কৰিছিল আৰু সোমবাৰে পাণবজাৰ আৰক্ষীয়ে (Panbazar Police stations) গ্ৰেপ্তাৰ কৰে।
সম্প্ৰতি পাণবজাৰ আৰক্ষীয়ে এই সন্দৰ্ভত বৰুৱাক জেৰা কৰাৰ লগতে ঘটনাৰে আৰু কোনো জড়িত আছে নেকি তাৰ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য, বৰুৱা ‘মিঠা মিঠা লগনত’ নামৰ কথাছবিৰ পৰিচালক-প্ৰযোজক আছিল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|