• Home
  • »
  • News
  • »
  • crime
  • »
  • Acid Attack: সাত বছৰ পুৰণি এচিদ আক্ৰমণৰ গোচৰত অভিযুক্ত দোষীক যাৱজ্জীৱন কাৰাদণ্ড

Acid Attack: সাত বছৰ পুৰণি এচিদ আক্ৰমণৰ গোচৰত অভিযুক্ত দোষীক যাৱজ্জীৱন কাৰাদণ্ড

Acid Attack: আদালতে ছাইদুল ইছলামক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰাৰ উপৰিও পাঁচ লাখ টকাৰ জৰিমনা বিহে ৷ 

Acid Attack: আদালতে ছাইদুল ইছলামক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰাৰ উপৰিও পাঁচ লাখ টকাৰ জৰিমনা বিহে ৷ 

Acid Attack: আদালতে ছাইদুল ইছলামক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰাৰ উপৰিও পাঁচ লাখ টকাৰ জৰিমনা বিহে ৷ 

  • Share this:
প্ৰায় সাত বছৰ পুৰণি এচিদ আক্ৰমণ (Acid Attack)ৰ এটা গোচৰত অভিযুক্ত ছাইদুল ইছলাম নামৰ এগৰাকী ব্যক্তিক আজি বাক্সা জিলা‌ সত্ৰ ন্যায়াধীশৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড (Life Imprisonment)ৰে দণ্ডিত কৰাৰ লগতে ৫ লাখ টকা ক্ষতিপূৰণ হিচাপে জৰিমনা বিহিলে । উল্লেখযোগ্য যে  বিগত ২০১৬ চনত তেতিয়াৰ বাক্সা (Baksa) জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ খন্দিকৰ গাঁওত সংঘটিত হৈছিল এই ভয়ানক ঘটনাটো ৷

জানিব পৰা মতে কামৰূপ জিলাৰ উদিয়ানাৰ ছাইদুল ইছলাম নামৰ এজন ব্যক্তিয়ে নিজ পত্নী আৰ্জিনা বেগমক তামুলপুৰৰ উত্তৰ খন্দিকৰত পিতৃ গৃহতে এচিদেৰে আক্ৰমণ কৰি আহত কৰিছিল ৷ এই লৈ তামুলপুৰ আৰক্ষী থানাত কেচ নং ২৩৩/ ১৬ নম্বৰত ছাইদুল ইছলামৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল ৷ পিচত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/ ৩২৬ (এ) আইনৰ অধীনত অভিযুক্ত ইছলামক গ্ৰেপ্তাৰ কৰি নলবাৰী কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ সেই গোচৰটোৰে আজি বাক্সা জিলা সত্ৰ ও ন্যায়াধীশৰ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে ৷

আদালতে ছাইদুল ইছলামক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰাৰ উপৰিও পাঁচ লাখ টকাৰ জৰিমনা বিহে ৷  উল্লেখ্য যে আক্ৰান্ত মহিলাগৰাকীৰ হৈ জ্যেষ্ঠ অভিবক্তা ৰঞ্জিত চেত্ৰীয়ে ওকালতি কৰিছিল ৷ ইফালে বিগত সাত বছৰ পিচত আদালতে মহিলাগৰাকীৰ সপক্ষে ন্যায় প্ৰদান কৰাত সন্তুষ্টি প্ৰকাশ কৰি ভূক্তভোগী মহিলাগৰাকীয়ে আদালতক ধন্যবাদ জনায় ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি