হোজাই জিলাৰ ডবকাত আজি আৰক্ষীৰ জিম্মাৰ পৰা এজন অভিযুক্তই পলায়ন কৰা ঘটনাই সমগ্ৰ হোজাই জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। হোজাই আৰক্ষী থানাৰ অন্তৰ্গত যমুনামুখ শ'লমাৰী গাঁওৰ ৰফিক উল্লাৰ পুত্ৰ মিজানুৰ ৰহমানে সংঘটিত কৰে এই অনাকাংক্ষিত ঘটনা। পত্নীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে কালি নিশা আটক কৰি জেৰা অব্যাহত ৰাখিছিল অভিযুুক্ত মিজানুৰক। আজি হোজাই শংকৰদেৱ নগৰত আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে ডবকা হাস্পতালত আৰক্ষীয়ে লৈ যায় যদিও আৰক্ষীৰ চকুত ধূলি দি দৌৰি দৌৰি পলায়ন কৰাৰ পিছত অঞ্চলজুৰি হুৱাদুৱা লগাৰ লগতে আৰক্ষী মহলতো ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।
মিজানুৰ ৰহমানৰ পত্নীয়ে অভিযোগ কৰা মতে, এটি কন্যা সন্তানৰ জন্মৰ পিছতেই শাৰীৰিক–মানসিক অত্যাচাৰ আৰম্ভ কৰাৰ লগতে বিভিন্ন ধৰণৰ যৌতুক দাবী কৰিবলৈ আৰম্ভ কৰে। কিছুদিন পূৰ্বে মহিলাগৰাকীক মাৰপিট কৰি ডবকাৰ পিতৃগৃহলৈ পঠিয়াই দিয়ে মিজানুৰে। আনকি পত্নী পিতৃগৃহত থকা অৱস্থাতেই ফোনযোগে পত্নীক নানা অশালীন গালি–শপনি পৰাৰ লগতে পত্নীৰ ফটো, পত্নীৰ আত্মীয়ৰ ফটো ইডিটিং কৰি অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ব্যাপক ৰূপে ভাইৰেল কৰা আৰম্ভ কৰে।
কোনোপধ্যেই নিয়ন্ত্ৰণ কৰিব পৰা নাছিল অভিযুক্ত মিজানুৰক। উপায়হীন হৈ পত্নী আৰু পত্নীৰ পৰিয়ালে ডবকা আৰক্ষী থানাত গোচৰ তৰে। সেইমতে, অভিযুক্ত মিজানুৰ ৰহমানক যমুনামুখ শ'লমাৰীৰ পৰা আটক কৰি ডবকা থানালৈ আনে। আজি আদালতত হাজিৰ কৰিবলৈ মেডিকেল কৰিবলৈ যাওঁতেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে অভিযুক্তই।
শেষত নিজ ডবকাৰ নুৰ আহমেদৰ ঘৰৰ পিছপিনে থকা খেতিপথাৰৰ পৰা দৌৰি দৌৰি গৈ আটক কৰে। এইক্ষেত্ৰত সহযোগ কৰে নিউজ–১৮ অসমৰ সাংবাদিকেও। বিয়লিৰ ভাগত আৰক্ষীয়ে অভিযুক্ত মিজানুৰক হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অভিযুক্ত মিজানুৰ ৰহমানে সৃষ্টি কৰা চাঞ্চল্যৰ এইদৰে ইতি পৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|