• Home
  • »
  • News
  • »
  • crime
  • »
  • AATASU: শিৱসাগৰৰ আটাছু নেতাক আক্ৰমণত অভিযুক্তক গুৱাহাটীত গ্ৰেপ্তাৰ

AATASU: শিৱসাগৰৰ আটাছু নেতাক আক্ৰমণত অভিযুক্তক গুৱাহাটীত গ্ৰেপ্তাৰ

অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল ধমেন গগৈক আক্ৰমণ কৰা অভিযুক্ত দ্বীপ চিৰিং ফুকন।‌ 

অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল ধমেন গগৈক আক্ৰমণ কৰা অভিযুক্ত দ্বীপ চিৰিং ফুকন।‌ 

অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল ধমেন গগৈক আক্ৰমণ কৰা অভিযুক্ত দ্বীপ চিৰিং ফুকন।‌ 

  • Share this:
শিৱসাগৰৰ দৰিকাপাৰৰ নিমাইজানত যোৱা ২১ জুনত নিশা  আটাছু (AATASU) নেতাক আক্ৰমণ কৰি পলাই ফুৰা এজন উদণ্ড ব্যক্তিক আৰক্ষীয়ে গুৱাহাটী (Guwahati)ৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।গুৱাহাটীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাছু নেতা ধমেন গগৈক আক্ৰমণৰ ঘটনাত অভিযুক্ত দীপ চিৰিং ফুকনক ।

লক্ষ্যণীয় যে ২১ জুনত  আটাছুৰ  ধমন  গগৈক দীপ চিৰিং ফুকনে হত্যাৰ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন হৈছিল।  ধমেন গগৈৰ মুখমণ্ডল, পেট আদিকে ধৰি শৰীৰৰ বিভিন্ন অংশত চোকা অস্ত্ৰৰে নিশা আঘাত কৰিছিল দীপ চিৰিং ফুকনে ।

আটাছুৰ শিৱসাগৰ জিলা সভাপতি ধমেন গগৈ গুৰুতৰভাৱে আহত হোৱাত ডিব্ৰুগড়স্থিত চিকিৎসালয়ত ভৰ্তি কৰিছিল। পেট, মুখমণ্ডলকে ধৰি ভিন্ন অংগত আঘাত কৰি পলাই ফুৰিছিল দ্বীপ চিৰিং ফুকন। অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল অভিযুক্ত দ্বীপ চিৰিং ফুকন।‌
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি