• Home
  • »
  • News
  • »
  • crime
  • »
  • নগাঁৱৰ গোটলাইপট্টিত ৫২ বছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই

নগাঁৱৰ গোটলাইপট্টিত ৫২ বছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই

নগাঁও চহৰত মাজ-মজিয়াত কোনো দুৰ্বৃত্তই হাত-ভৰি বান্ধি এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰে।

নগাঁও চহৰত মাজ-মজিয়াত কোনো দুৰ্বৃত্তই হাত-ভৰি বান্ধি এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰে।

নগাঁও চহৰত মাজ-মজিয়াত কোনো দুৰ্বৃত্তই হাত-ভৰি বান্ধি এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰে।

  • Share this:
ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে নগাঁও চহৰ। মঙলবাৰে পুৱাই তাৰ এক প্ৰতিফলন ঘটিল। মঙলবাৰে ৰাতিপুৱা নগাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নগাঁও চহৰত মাজ-মজিয়াত কোনো দুৰ্বৃত্তই হাত-ভৰি বান্ধি এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰে। স্থানীয় ৰাইজে ডকাইতৰ দলে মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে।

জানিব পৰা মতে এই চাঞ্চল্যকৰ ঘটনাটো নগাঁও চহৰৰ গোটলাইপট্টিত সংঘটিত হৈছে। মৃত মহিলাগৰাকীৰ নাম আয়েছা ছিদ্দিকা। এই ঘটনা সন্দৰ্ভত ওচৰ-চুবুৰীয়াই গম পোৱাৰ মাত্ৰকে আৰক্ষীক অৱগত কৰে। হত্যাকাৰীয়ে ইমানেই নৃশংসতাৰে হত্যা কৰিছিল যে ৫২ বৰ্ষীয় মহিলাগৰাকীৰ জিভা কাটি দিছিল। মৃত মহিলাগৰাকীৰ ঘৰৰ বস্তুবোৰ ছেদেলি-ভেদেলি হৈ পৰি থকাৰ কথা ওচৰ-চুবুৰীয়াই পৰিলক্ষিত কৰা বুলি জনাইছে। ইফালে সেই ঠাইত কেইবাদিন ধৰি চুৰিকাণ্ড সংঘটিত হৈ আছিল বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে। নগাঁও আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই চহৰখনত দিনকদিনে ভয়ংকৰভাৱে বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ।

ইফালে আৰক্ষীৰ মতে এইয়া ডকাইতিৰ ঘটনা নহয়। কাৰণ আৰক্ষীয়ে ঘৰটোৰ পৰা উদ্ধাৰ কৰিছে যৌন কাৰ্যত ব্যৱহৃত বহু পৰিমাণৰ সামগ্ৰী। এই সামগ্ৰীসমূহৰ প্ৰতি লক্ষ্য ৰাখি ঘৰটোত অসামাজিক কাৰ্যকলাপ চলোৱাৰ সন্দেহ আৰক্ষীৰ। ইফালে হয়বৰগাঁও আৰক্ষী চকীৰ নিচেই সমীপতে সংঘটিত এই হত্যাকাণ্ডৰ ঘটনাই চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি