মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »খোৱা–বোৱাক লৈ লগা সামান্য কাজিয়াই পালে হত্যাকাণ্ডৰ ৰূপ, বোকাজানত হত্যা লামডিঙৰ যুৱকক

খোৱা–বোৱাক লৈ লগা সামান্য কাজিয়াই পালে হত্যাকাণ্ডৰ ৰূপ, বোকাজানত হত্যা লামডিঙৰ যুৱকক

শুই থকা অৱস্থাত অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে জুবেইৰ আহমেদৰ বিৰুদ্ধে।

শুই থকা অৱস্থাত অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে জুবেইৰ আহমেদৰ বিৰুদ্ধে।

  • Share this:

সামান্য কথাক লৈ লগা কাজিয়াই পাইছে হত্যাকাণ্ডৰ ৰূপ। লামডিঙৰ যুৱকক বোকাজানত নৃশংসভাৱে হত্যা কৰাৰ  ঘটনাক লৈ সম্প্ৰতি সৃষ্টি হৈছে চাঞ্চল্যৰ।বোকাজান ফুলবাৰী অঞ্চলৰ তপন দে'ৰ ঘৰত মিস্ত্ৰী হিচাপে কাম কৰা এই যুৱকজন লামডিং হাতীখলি ননকেবস্তিৰ বাব্লু কুৰ্মী বুলি জনা গৈছে।


নিশা লামডিঙৰ বাসগৃহত মৃতদেহ আহি পোৱাৰ পিছত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। উল্লেখ্য যে লোকজনৰ ঘৰত একেলগে মিস্ত্ৰীৰ কাম কৰা বদৰপুৰৰ জুবেইৰ আহমেদৰ সৈতে  খোৱা–বোৱাৰ সামান্য কথাৰ কটাকটিক লৈ সূত্ৰপাত ঘটা কাজিয়াৰ গইনা লৈ শুই থকা অৱস্থাত অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে জুবেইৰ আহমেদৰ বিৰুদ্ধে।


উক্ত হত্যাকাণ্ডৰ পিছত সম্প্ৰতি পলাতক হৈ আছে অভিযুক্ত জুবেইৰ আহমেদ। ইপিনে উক্ত ঘটনাৰ সময়ত আহত হোৱা লামডিঙৰ  কাৰ্তিক ভূঞা নামৰ আন এজন যুৱক বৰ্তমান  চিকিৎসাধীন হৈ আছে লামডিঙৰ চিকিৎসালয়ত। ইফালে ঘটনা সংক্ৰান্তত জুবেইৰ আহমেদৰ বিৰুদ্ধে বোকাজান আৰক্ষী থানাত এক গোচৰ তৰা হৈছে বুলি মৃতকৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

শেহতীয়া বাতৰি