শোণিতপুৰৰ ৰঙাপৰাত নিশা ভয়ংকৰ ঘটনা৷ হাতত কটা মূৰ লৈ ৰঙাপৰা থানাত উপস্থিত এজন লোক। ৰঙাপৰাৰ দয়ালপুৰত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা৷ টুনিৰাম মাদ্ৰী নামৰ এজন লোকে শিৰচ্ছেদ কৰিলে বইলৰ হেমৰম নামৰ এজনৰ। পাঁচশ টকা বিচৰাৰ বাবে ডিঙি কাটি হত্যা কৰিলে টুনিৰাম মাদ্ৰীয়ে।
ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত দয়ালপুৰৰ নিৱাসী টুনিৰাম মাদ্ৰীয়ে বইলৰ হেমৰম নামৰ ৫৫ বছৰীয়া লোকজনৰ শিৰচ্ছেদ কৰে আৰু তাৰ পিছত হত্যাকাৰীজনে প্ৰায় ১০ কিলোমিটাৰ পথ খোজ কাঢ়ি কটা মূৰটো আৰু দা খন লগত লৈ থানাত উপস্থিত হয়।
বইলৰ হেমৰম নামৰ লোকজনে টুনিৰাম মাদ্ৰীক মাত্ৰ পাঁচশ টকা ধাৰলৈ বিচাৰিছিল। পিছত টুনিৰাম মাদ্ৰীয়ে টকাটো নিদিয়াৰ বাবে বইলৰ হেমৰমে ‘চাই ল’ম’ বুলি ভাবুকি দিয়াত খঙত অগ্নিশৰ্মা লৈ হাতত থকা চোকা অস্ত্ৰৰে ডিঙিত ঘপিয়াই হত্যা কৰে বইলৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|