মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»ৰূপহীহাটত আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ দুৰ্বৃত্তৰ, নিশাৰ ভিতৰতে অপৰাধীক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ

ৰূপহীহাটত আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ দুৰ্বৃত্তৰ, নিশাৰ ভিতৰতে অপৰাধীক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ

News18 Assam | News18-Assam
Updated:August 1, 2021, 12:23 AM IST
ৰূপহীহাটত আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ দুৰ্বৃত্তৰ, নিশাৰ ভিতৰতে অপৰাধীক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ
গোচৰৰ তদন্তৰ বাবে পশ্চিম ফুটলজাৰলৈ যোৱা ছজনীয়া আৰক্ষীৰ দলটোক আক্ৰমণৰ লক্ষ্য কৰি লয়।

গোচৰৰ তদন্তৰ বাবে পশ্চিম ফুটলজাৰলৈ যোৱা ছজনীয়া আৰক্ষীৰ দলটোক আক্ৰমণৰ লক্ষ্য কৰি লয়।

  • Share this:

ৰূপহীহাটৰ গড়াজানত তদন্ত কৰিবলৈ যোৱা কৰ্তব্যৰত আৰক্ষীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ ৷ দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় গৃহৰক্ষী বাহিনীৰ এজন জোৱান৷ মাজেদা খাতুন নামৰ মহিলা এগৰাকীৰ এক গোচৰৰ তদন্তৰ বাবে পশ্চিম ফুটলজাৰলৈ যোৱা ছজনীয়া আৰক্ষীৰ দলটোক আক্ৰমণৰ লক্ষ্য কৰি লয় গোচৰটোৰ অভিযুক্ত দুৰ্বৃত্তকেইটাই ৷


ৰফিকুল ইছলাম নামৰ দুৰ্বৃত্তটোৰ নেতৃত্বত ১০ জনীয়া দল এটাই হাতে হাতে চোকা অস্ত্ৰ লৈ আৰক্ষীৰ দলটোৰ ওপৰত চলায় দলবদ্ধ আক্ৰমণ। দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত আহত হয় আৰক্ষীৰ দলটোৰ লগত যোৱা ইক্ৰামুল হুছেইন নামৰ গৃহৰক্ষী বাহিনীৰ জোৱানজন।


পিছত স্থানীয় একাংশ যুৱকে ঘটনাস্হলীৰ পৰা আৰক্ষীৰ দলটোক উদ্ধাৰ কৰি  আৰক্ষী চকীলৈ লৈ আহে ৷ ঘটনা সন্দৰ্ভত গৃহৰক্ষী বাহিনীৰ জোৱানজনে ঘটনা সংক্ৰান্তত গড়াজান আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ৷ আইন শৃংখলা নিয়ন্ত্ৰণ তথা জনসাধাৰণৰ  নিৰাপত্তা নিশ্চিত কৰা  আৰক্ষীয়েই য'ত অসহায় হৈ পৰে, সেই ঠাইত সাধাৰণ ৰাইজৰ নিৰাপত্তা কিমান বুলি প্ৰশ্ন উথ্থাপিত হৈছে ৷  ৰাইজে দুৰ্বৃত্তকেইটাক নিশাটোৰ ভিতৰত আটক কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ৷

Published by: Gautam Barman
First published: August 1, 2021, 12:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি