মাজা খাই সৰ্বস্বান্ত এটা পৰিয়াল ৷ শীতল পানীৰ লগত নিচাযুক্ত সামগ্ৰী মিহলাই পৰিয়ালৰ লোকক অচেতন কৰি প্ৰৱঞ্চকৰ দলে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু নগদ টকা।
বঙাইগাঁও জিলাৰ বইটামাৰীৰ শালবাৰীৰ ঘটনা এয়া ৷ মঙলবাৰে সন্ধিয়া স্থানীয় তৈয়ব আলীৰ ঘৰত দুজনীয়া প্ৰৱঞ্চক দল আহি নিশা যাপনৰ বাবে আশ্ৰয় গ্ৰহণ কৰে ৷ তৈয়ব আলীৰ পত্নী অঞ্জুমা বেগমক ভনী বনাই প্ৰৱঞ্চক দলে অতি কম সময়ৰ ভিতৰত গৃহস্থৰ অতিকে আপোন হৈ পৰে ৷
নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত শোৱাৰ আগতে প্ৰৱঞ্চকে কৌশলেৰে দম্পতীহালৰ লগতে পুত্ৰ আলামিন আলীক মাজা (শীতল পানীয় ) খুৱাই দিয়ে ৷ মাজাৰ সৈতে নিচাযুক্ত সামগ্ৰী মিহলি কৰি দিয়াৰ ফলত তিনিজনীয়া পৰিয়ালটোৰ আটাইকেইগৰাকীয়ে অচেতন হৈ পৰি থাকে ৷
আজি দুপৰীয়ালৈ ঘৰৰ কোনো লোকক প্ৰত্যক্ষ নকৰাত প্ৰতিবেশীয়ে সন্দেহবশতঃ ঘৰ সোমাই আটাইকেইজনকে অচেতন অৱস্থাত উদ্ধাৰ কৰে ৷ ইফালে ঘৰৰ বয়বস্তু লণ্ডভণ্ড কৰি প্ৰৱঞ্চকে গৃহস্থৰ সোণৰ আ-অলংকাৰ আৰু নগদ টকা-পইচা লৈ পলায়ন কৰে ৷
ইতিমধ্যে পৰিয়ালৰ তিনিওজনকে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কৃষিকৰ্ম কৰি পৰিয়াল পোহপাল দিয়া তৈয়ব আলীক প্ৰৱঞ্চকদ্বয়ে ধুবুৰীৰ পৰা অহা ফেৰিৱালা ৰূপে পৰিচয় দিছিল ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|