ভুৱা কল চেণ্টাৰ চক্ৰটোৰ পৰা ডিমাপুৰৰ ৰাহুল ৰয় আৰু নয়ন ঘোষ নামৰ দুই যুৱকক কৰায়ত্ত কৰে।
ভুৱা কল চেণ্টাৰ চক্ৰটোৰ পৰা ডিমাপুৰৰ ৰাহুল ৰয় আৰু নয়ন ঘোষ নামৰ দুই যুৱকক কৰায়ত্ত কৰে।
হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত এইবাৰ হোজাইত উৎখাত কৰা হয় এটা ভুৱা কল চেণ্টাৰ। নতুন বজাৰ অঞ্চলৰ পৰা উৎখাত কৰা হৈছে কল চেণ্টাৰটো। আৰক্ষী অধীক্ষকৰ নিৰ্দেশত টাউন উপ-পৰিদৰ্শক দণ্ডধৰ চৌধুৰীয়ে ভুৱা কল চেণ্টাৰটো উৎখাত কৰিবলৈ হৈছে সক্ষম হয় (A fake call centre is busted at Hojai)।
ভুৱা কল চেণ্টাৰ উৎখাত সন্দৰ্ভত ইতিমধ্যে আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই প্ৰদান কৰিছে কেতবোৰ চাঞ্চল্যকৰ মন্তব্য। আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, এতিয়ালৈকে ভুৱা কল চেণ্টাৰ চক্ৰটোৰ দুজনক কৰা হৈছে কৰায়ত্ত। কৰায়ত্ত হোৱা দুজন ডিমাপুৰৰ ৰাহুল ৰয় আৰু নয়ন ঘোষ বুলি আৰক্ষী অধীক্ষকে জনাইছে।
লগতে আৰু এজনকো সোধা-পোছাৰ বাবে অনা বুলিও জানিবলৈ দিছে। ইয়াৰ উপৰি জব্দ কৰা হৈছে ভুৱা কল চেণ্টাৰৰ কেইবাটাও লেপটপ, ডেস্কটপ আৰু অন্যান্য যন্ত্ৰপাতি।উল্লেখ্য যে ভুৱা কল চেণ্টাৰ চলোৱা চক্ৰটোৱে AMAZON ৰ একাউণ্ট হেক কৰি প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী অথবা ডাটাবেছ অপাৰেটৰ হৈ গ্ৰাহকৰ সৈতে কথা পাতি বিভিন্নজনৰ পৰা ধন আত্মসাৎ কৰিছিল।
বিশেষকৈ আমেৰিকাৰ লোকক বেছি টাৰ্গেট কৰি তেওঁলোকৰ পৰা ডলাৰত একাউন্টত আনিছিল ধন। ইতিমধ্যে চক্ৰটোৱে কিমান টকা আত্মসাৎ কৰিছে ইয়াৰ সঠিক তথ্য উদ্ঘাটন হোৱা নাই যদিও আৰক্ষীয়ে চলোৱা জেৰাত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। আনহাতে তদন্তৰ খাতিৰত ধৃত মাষ্টাৰ মাইণ্ড দুটাৰ ভিডিঅ' সংগ্ৰহত আৰক্ষীয়ে বাধা আৰোপ কৰি ৰাখিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|