• Home
  • »
  • News
  • »
  • crime
  • »
  • Crime in Guwahati: নিচা খাবলৈ ধন দাবী, নিদিয়াত গীতামন্দিৰৰ ব্যৱসায়ীক কাটিলে ব্লেডেৰে, দেহত ৪৪টা চিলাই

Crime in Guwahati: নিচা খাবলৈ ধন দাবী, নিদিয়াত গীতামন্দিৰৰ ব্যৱসায়ীক কাটিলে ব্লেডেৰে, দেহত ৪৪টা চিলাই

 অভিযোগ মতে, পূৰ্বেও নিচাসক্ত তিনি ভাতৃ অংকুৰ শৰ্মা, জিতু শৰ্মা আৰু জিংকু শৰ্মাই প্ৰায়ে টকা বিচাৰি আহে৷

অভিযোগ মতে, পূৰ্বেও নিচাসক্ত তিনি ভাতৃ অংকুৰ শৰ্মা, জিতু শৰ্মা আৰু জিংকু শৰ্মাই প্ৰায়ে টকা বিচাৰি আহে৷

অভিযোগ মতে, পূৰ্বেও নিচাসক্ত তিনি ভাতৃ অংকুৰ শৰ্মা, জিতু শৰ্মা আৰু জিংকু শৰ্মাই প্ৰায়ে টকা বিচাৰি আহে৷

  • Share this:

গুৱাহাটীত ভয়ানক ৰূপত বৃদ্ধি পাব ধৰিছে অপৰাধজনিত ঘটনাৰ সংখ্যা ৷চুৰি–ডকাইতিৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধজনিত ঘটনাই কঁপাই তুলিছে মহানগৰবাসী ৰাইজৰ বুকু।  দেওবাৰে বিয়লিও তেনে এক অনুৰূপ ঘটনাৰ খবৰ শেহতীয়াকৈ পোহৰৈ আহিছে।


 মহানগৰীৰ অন্যতম ব্যস্ত অঞ্চল গীতামন্দিৰৰ সমীপত সংঘটিত হয় এই ঘটনা ৷ মোজাহিদ আলী নামৰ ব্যৱসায়ীগৰাকীয়ে নিজৰ  কাৰ ৱাচিং চেন্টাৰত বহি থকাৰ সময়তে ধন বিচাৰি আহিছিল দুই যুৱক ক্ৰমে অংকুৰ শৰ্মা আৰু জিতুমণি শৰ্মা ৷ নিচাসক্ত দুই যুৱকে বিচৰা ধন দিবলৈ অমান্তি হোৱাত ব্লেডেৰে আক্ৰমণ কৰে ব্যৱসায়ী মোজাহিদ আলীক ৷


ডিঙি, বুকু আৰু পিঠিত আঘাত পোৱা মোজাহিদক ততাতৈয়াকৈ KGMT হাস্পতাললৈ লৈ যোৱা হয় যদিও ৪৪টাকৈ চিলাই পৰে মোজাহিদৰ দেহৰ বিভিন্ন অংশত ৷ নিশাই আক্ৰমণকাৰী অংকুৰ শৰ্মাক গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও এতিয়াও পলাতক আনজন অভিযুক্ত জিতুমণি শৰ্মা ৷


ৱাচিং চেন্টাৰটোত কৰ্মৰত কৰ্মচাৰীসকলৰ অভিযোগ পূৰ্বেও নিচাসক্ত তিনি ভাতৃ ক্ৰমে অংকুৰ শৰ্মা, জিতু শৰ্মা আৰু জিংকু শৰ্মাই প্ৰায়ে টকা বিচাৰি আহে ৷ বিচৰা ধন নাপালে বিভিন্ন সময়ত ভয়–ভাবুকি প্ৰদান কৰে। ৩ ভাতৃৰ উদ্ভণ্ডালিত অতিষ্ঠ এতিয়া অঞ্চলবাসী।  সকলোৱে বিচাৰিছে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক ৩ নিচাসক্ত ভাতৃক ৷

Published by:Gautam Barman
First published: