বাক্সা (Baksa) জিলাৰ তামুলপুৰ (Tamulpur)ৰ ঝাৰগাঁৱত সংঘটিত হৈছে মানৱতাক লজ্জানতা কৰা এই জঘন্য কাণ্ড ৷ এটি ৯ বছৰীয়া শিশুক ফুচুলাই নি যৌন নিৰ্যাতন চলালে এগৰাকী সম্পৰ্কীয় লোকে ৷ সেই পাষণ্ড গৰাকীৰ নাম ব্ৰজেন কলিতা ৷ পুখুৰীত মাছ মাৰিবলৈ যাওঁতে সংঘটিত কৰে এই জঘন্য কাণ্ড ৷ যোৱা ২৫ জুনত সংঘটিত এই ঘটনা পোহৰলৈ আহিছে দেওবাৰেহে ৷ জানিব পৰা মতে ঘটনা সন্দৰ্ভত দেওবাৰে ৰাতি ভুক্তভোগী কিশোৰী গৰাকীৰ অভিভাৱকে তামুলপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। আৰু সেই এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে ব্ৰজেন কলিতাক কৰায়ত্ত কৰে। জানিব পৰা মতে পুখুৰীত মাছ মাৰিবলৈ নিয়াৰ ছলেৰে ঘৰৰে ওচৰৰে ব্ৰজেন কলিতা নামৰ পাষণ্ডটোৱে পুখুৰীৰ পাৰতেই শিশুটিক যৌন নিৰ্যাতন (Sexual Molestation) চলায়।