
জুৱাৰীকেইটাৰ লগতে জব্দ কৰা হৈছে ৫ খনকৈ বাইক আৰু ১ লাখ ৫ হাজাৰ টকাৰ লগতে ১৪টা মোবাইল ফোন, জাণ্ডি-মুন্দাৰ সামগ্ৰী আৰু তাচপাত ।
জুৱাৰীকেইটাৰ লগতে জব্দ কৰা হৈছে ৫ খনকৈ বাইক আৰু ১ লাখ ৫ হাজাৰ টকাৰ লগতে ১৪টা মোবাইল ফোন, জাণ্ডি-মুন্দাৰ সামগ্ৰী আৰু তাচপাত ।
জুৱাৰীৰ বিৰুদ্ধে বৰপেটাৰ জনীয়াৰ চৌধুৰী বজাৰত বৰপেটা আৰক্ষীয়ে অভিযান চলাই
৯টা জুৱাৰী গ্ৰেপ্তাৰ কৰিছে। জুৱাৰীকেইটাৰ লগতে জব্দ কৰা হৈছে ৫ খনকৈ বাইক আৰু ১ লাখ ৫ হাজাৰ টকাৰ লগতে ১৪টা মোবাইল ফোন, জাণ্ডি-মুন্দাৰ সামগ্ৰী আৰু তাচপাত ।
ধৃত জুৱাৰীকেইটা হৈছে বাদশ্বাহ মিঞা, চানু সৰকাৰ, শৰল খান, ৰফিকুল ইছলাম, আনোৱাৰ হুছেইন, নজৰুল ইছলাম, মোজাম্মিল হুছেইন, চায়েদ আলী আৰু সাগৰ আলী ৷
বজাৰখনত মুকলিকৈ চলি থকা জুৱাৰ বিৰুদ্ধে আৰক্ষীক অভিযোগৰ পিচতেই আৰক্ষীয়ে এইদৰে জুৱাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা তৎপৰতাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|