Women Trafficking : বহিঃৰাজ্যত নাৰী দেহ ব্যৱসায়ীৰ পৰা উদ্ধাৰৰ পাছত সুকলমে অসম পালেহি ৯ যুৱতী, কেৰালাৰ পৰা লংকা থানাত উপস্থিত।

News18 Assam | News18-Assam
Updated:July 21, 2021, 11:25 PM IST
Women Trafficking : বহিঃৰাজ্যত নাৰী দেহ ব্যৱসায়ীৰ পৰা উদ্ধাৰৰ পাছত সুকলমে অসম পালেহি ৯ যুৱতী, কেৰালাৰ পৰা লংকা থানাত উপস্থিত।
দুই ধৃত নাৰী সৰবৰাহকাৰী, ৰকিবুল আৰু মুফজুল।

অসমৰ পাঁচখন জিলাৰ পৰা সৰবৰাহ কৰা ৯ গৰাকী যুৱতীক কেৰালাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।ইতিমধ্যে দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ।

  • Share this:
কেৰেলাৰ নাৰী দেহ ব্যৱসায়ীৰ ঘাটিত সফল অভিযান চলাই উদ্ৱাৰ কৰা ৯ যুৱতী অৱশেষত অসম পালেহি। হোজাই আৰক্ষীৰ  অভিযানকাৰী দলটি বুধবাৰে নিশা উপস্থিত হৈছে লংকা থানাত। আটাইকেইগৰৰাকী যুৱতীক উদ্ধাৰ কৰি অনাৰ পাছতে স্বস্তিৰ নিশ্বাস এৰিছে আগক্ষীয়ে।

হোজাইৰ SP বৰুণ পুৰকায়স্থৰ তদাৰকত চলা অভিযানত  অভিযানকাৰী আৰক্ষীৰ দলটিয়ে  উদ্ধাৰ কৰিছিল ৯ গৰাকী  অসমৰ যুৱতীক। অসমৰ পাঁচখন জিলাৰ পৰা সৰবৰাহ কৰা ৯ গৰাকী যুৱতীক কেৰালাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল নগাঁও আৰু হোজাইৰ ৰকিবুল হুছেইন আৰু মুফজুল হক নামৰ দুই ব্যক্তিক। দেহ ব্যৱসায়ী চক্ৰৰ  ধৃত দুই সদস্যক  ইতিমধ্যে লংকা থানাত ৰাখি আৰক্ষীয়ে তদন্ত চলাই আছে। আনহাতে উদ্ধাৰ হোৱা যুৱতীকেইগৰাকীক ডবকাৰ ষ্টেট মহিলা হোমত ৰখা বুলি জানিব পৰা গৈছে।
Published by: Manjumoni Borah
First published: July 21, 2021, 11:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি