உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Sivasagar : শিৱসাগৰত ৮০ বস্তা লালিগুড় জব্দ, ব্যৱসায়ী ভোলা চাহুৱে মজুত কৰি ৰাখিছিল আলুৰ গুদামত

    Sivasagar : শিৱসাগৰত ৮০ বস্তা লালিগুড় জব্দ, ব্যৱসায়ী ভোলা চাহুৱে মজুত কৰি ৰাখিছিল আলুৰ গুদামত

    আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুজন, এজনক আটক

    আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুজন, এজনক আটক

    আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুজন, এজনক আটক

    • Share this:
    প্ৰশাসনে  ১৪৪ ধাৰা জাৰি কৰি শিৱসাগৰত লালিগুড় সৰবৰাহ নিষিদ্ধ কৰি থোৱাৰ সময়তে আজি শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ লালিগুড়সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰু এজনক আটক কৰিবলৈ সক্ষম হয়।

    শিৱসাগৰ নগৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত  জব্দ কৰে ৮০টা বস্তাত ভৰাই অনা ২০ কুইন্টলৰো অধিক লালিগুড়।

    AS 04 BC 7415 নম্বৰৰ মহিন্দ্ৰা পিককাপ গাড়ীত নিষিদ্ধ লালিগুড় ৮০ বেগ কঢ়িয়াই নিয়া অৱস্থাত জব্দ কৰে শিৱসাগৰ আৰক্ষীয়ে।

    শিৱসাগৰ নগৰৰ ব্যৱসায়ী ভোলা চাহু নামৰ  এজন লোকে লালিগুড়সমূহ  বাইপাছৰ পৰমেশ্বৰ ঝা  নামৰ  এজন ব্যৱসায়ীৰ বৃহৎ আলু গুদামত মজুত কৰিছিল ।

    দুদিন পূৰ্বে এখন দহ চকাৰ ট্ৰাকে এইসমূহ লালিগুড় ভোলা চাহুৰ  নিৰ্দেশত পৰমেশ্বৰৰ গুদামত মজুত কৰিছিল (80 sacks of laligur seized in Sivasagar)।

    আৰক্ষীয়ে এই অবৈধ সৰবৰাহৰ তথ্য লাভ কৰি গাড়ীসহিত সমস্ত লালিগুড় জব্দ কৰে।ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে লালিগুড় সৰবৰাহ কৰা ভোলা চাহু, গাড়ীচালক নিতুল বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে  পৰমেশ্বৰ ঝাৰ  গুদামৰ চকীদাৰ আলি হুছেইনক অধিক তদন্তৰ বাবে  আটক কৰে।

    উল্লেখযোগ্য যে শিৱসাগৰ জিলা প্ৰশাসনে লালিগুড়ৰ সৰবৰাহ নিষিদ্ধ ৰখাৰ পিছতো অসাধু চক্ৰই এই নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে। মূলতঃ চুলাই মদ প্ৰস্তুত কৰাৰ বাবেই অসাধু চক্ৰই লালিগুড় সৰবৰাহ অব্যাহত ৰখা বুলি সন্দেহ কৰা হৈছে।

    ইপিনে উত্তৰপ্ৰদেশৰ পৰা আৰক্ষীৰ চকুত ধূলি দি কেনেকৈ গাড়ীৰে লালিগুড় সৰবৰাহ কৰিবলৈ সক্ষম হৈছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। আলু বস্তাৰ মাজতে এনেদৰে লালিগুড় কঢ়িয়াই আনে নেকি বুলিও বৰ্তমান প্ৰশ্ন উত্থাপন হোৱাৰ লগতে উচিত তদন্তৰ দাবী তুলিছে সচেতন ৰাইজে। লগতে যিটো গুদামত লালিগুড়সমূহ মজুত ৰাখিছিল সেই গুদামৰ মালিককো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে সচেতন নাগৰিকে।
    Published by:Gautam Barman
    First published: