ৰাজ্যত পুনৰ আৰম্ভ হৈছে কয়লাৰ ৰমৰমীয়া ব্যৱসায়, লাখ লাখ টকা কৰফাঁকিৰে অব্যাহত আছে কয়লাৰ অবৈধ সৰবৰাহ ৷ আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি একাংশ লোকে চলাই গৈছে কয়লাৰ ৰমৰমীয়া ব্যৱসায়৷ কাৰ্বি আংলঙৰ পৰা কয়লা সৰবৰাহৰ ক্ষেত্ৰত একাংশ লোকে হোজাই জিলাৰ মাজেদি যোৱা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ, ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথক কৰিড'ৰ ৰূপে ব্যৱহাৰ কৰি আহিছে।
যোৱানিশা ডবকাৰ এন আৰ এল পেট্ৰ'ল পাম্পত সাতখনকৈ কয়লাভৰ্তি ট্ৰাক ৰখাই থোৱা অৱস্থাত স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ অবৈধ কয়লাভৰ্তি গাড়ীকেইখনৰ নম্বৰ হৈছে ক্ৰমে AS 19 AC 3365, AS 19 C 7834 , AS 19 C 7833, AS 17 B 2418, AS 17 B 2346, AS 01 FC 7900 আৰু AS 19 C- 7880।
ইফালে একাংশ ট্ৰাকৰ চালকে কয়লাৰ সমস্ত নথি-পত্ৰ থকা দাবী কৰে আন একাংশ চালকে ট্ৰাক এৰি ৰহস্যজনকভাৱে পলায়ন কৰে যদিও আৰক্ষীৰ তদন্তৰ পিছতহে সমস্ত তথ্য পোহৰলৈ আহিব । আনহাতে কয়লাভৰ্তি চাৰিখন ট্ৰাকৰ চালকে কয়লা সৰবৰাহৰ কোনো বৈধ নথি-পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাত পেট্ৰ'ল পাম্পৰ কাষতে ট্ৰাক এৰি পলায়ন কৰাৰ বাতৰি পোৱা গৈছে৷
ডবকা আৰক্ষীয়ে (Doboka Police) জব্দকৃত ট্ৰাককেইখন নিজৰ জিম্মাত ৰাখি (Coal Loaded trucks seized) তদন্ত অব্যাহত ৰখাৰ লগতে চালককেইজনৰ সন্ধান অব্যাহত ৰাখিছে।উল্লেখ্য যে পূৰ্বে অবৈধ কয়লাভৰ্তি গাড়ী একাংশ দল-সংগঠনৰ লগতে ৰাইজে জব্দ কৰি আৰক্ষীক চমজাই দিয়াৰ পিছতো আৰক্ষীয়ে গাড়ীসমূহ এৰি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ আচৰিত কথা এয়ে যে কোনোধৰণৰ বৈধ নথি-পত্ৰ অবিহনে লাখ লাখ টকাৰ কৰ ফাঁকি দি কিদৰে অবৈধ কয়লা সৰবৰাহ হৈ আহিছে সেয়া ৰহস্যৰ সৃষ্টি হৈছে। অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই (Economic Offences Wing of Assam Police) তদন্ত কৰিলে বহু তথ্য পোহৰলৈ যে আহিব সেয়া নিশ্চিত।আনহাতে কয়লাৰ ৰমৰমীয়া ব্যাৱসায়ৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই মৌনতা অৱলম্বন কৰাত দল-সংগঠনে উদ্বেগ প্ৰকাশ কৰিছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|