নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এই চক্ৰটোৱে ড্ৰাগছ সৰবৰাহ কৰি নুমলীগড়, বোকাখাত, কঁহৰা আদি ঠাইত চলাই আহিছিল বেপাৰ।
নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এই চক্ৰটোৱে ড্ৰাগছ সৰবৰাহ কৰি নুমলীগড়, বোকাখাত, কঁহৰা আদি ঠাইত চলাই আহিছিল বেপাৰ।
আন্তৰ্জাতিক ড্ৰাগছবিৰোধী দিৱসৰ দিনাই বোকাখাত আৰক্ষীৰ সাফল্য। নুমলীগড়ত গাঞ্জা আৰু ড্ৰাগছৰ সৈতে হাতে-লোটো ধৰা পৰে ড্ৰাগছ সৰহবৰাহকাৰী। এক গোপন খবৰৰ ভিত্তিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত যোৱা এটা দলে খেদি খেদি ধৰে ড্ৰাগছ মাফিয়া ৭টাক।
ইয়াৰে ধৃত ড্ৰাগছ মাফিয়াকেইটাৰ নাম আকবৰ আলী, আচিক আলী, আলম আলী, দীপক ৰাজবংশী, পৱিত্ৰ হাজৰিকা, বিপুল কছাৰী আৰু জমিৰুল আলী বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখ্য যে ধৃত ড্ৰাগছ মাফিয়াকেইটাৰ লগতে নুমলীগড়ৰ এটা বৃহৎ চক্ৰই দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহ আৰু ব্যৱসায় চলাই আহিছে।
নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এই চক্ৰটোৱে ড্ৰাগছ সৰবৰাহ কৰি নুমলীগড়, বোকাখাত, কঁহৰা আদি ঠাইত চলাই আহিছিল বেপাৰ। আৰক্ষী সূত্ৰৰ মতে, শীঘ্ৰেই জালত পৰিব ড্ৰাগছৰ ক'লা বেপাৰত জড়িত আৰু বহু ৰৌ-বৰালি। ইয়াৰ বাবে বোকাখাত আৰক্ষীৰ বৃহৎ দল এটাই তীব্ৰতৰ কৰি তুলিছে অভিযান।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|