• Home
  • »
  • News
  • »
  • crime
  • »
  • মণিপুৰত ৬.০২ কোটি টকাৰ সোণৰ বিস্কুট জব্দ, ১ জনক গ্ৰেপ্তাৰ

মণিপুৰত ৬.০২ কোটি টকাৰ সোণৰ বিস্কুট জব্দ, ১ জনক গ্ৰেপ্তাৰ

ম্ফলৰ কাষ্টম ডিভিছনে এজন ব্যক্তিৰ পৰা জব্দ কৰিলে ৬৯ খন বিদেশী সোণৰ বিস্কুট। ব্যক্তিজনে চোৰাংকৈ থামনাপকপি নামৰ ঠাইৰ পৰা কাকচিং জিলালৈ এখন ভানত কঢ়িয়াইছিল উক্ত সোণৰ বিস্কুটসমূহ।

  • Share this:
ইম্ফলৰ কাষ্টম ডিভিছনে এজন ব্যক্তিৰ পৰা জব্দ কৰিলে ৬৯ খন বিদেশী সোণৰ বিস্কুট। ব্যক্তিজনে চোৰাংকৈ থামনাপকপি নামৰ ঠাইৰ পৰা কাকচিং জিলালৈ এখন ভানত কঢ়িয়াইছিল উক্ত সোণৰ বিস্কুটসমূহ। মঙলবাৰে সন্ধিয়া চোৰাংকৈ বিদেশী মূল্যৰ সোণৰ বিস্কুট সৰবৰাহ কৰোতে ইম্ফল কাষ্টম ডিভিছনে জব্দ কৰে সোণৰ বিস্কুট। জানিব পৰা মতে, উক্ত সোণৰ বিস্কুটখিনিৰ মুঠ ওজন ১১.৪৫৪ কিলোগ্ৰাম আৰু ইয়াৰ বজাৰমূল্য ৬,০২,৯৬,৬৪৪ টকা (প্ৰায় ৬.০২ কোটি)।

ইম্ফল কাষ্টম ডিভিছনৰ (ইম্ফল শুল্ক বিভাগ) বিষয়াসকলৰ মতে, চোৰাং সৰবৰাহকাৰী ব্যক্তিজনক কাষ্টম আইনৰ অধীনত ইতিমধ্যে আটক কৰা হৈছে। আটকাধীন ব্যক্তিজন ৪২ বৰ্ষীয় ৱাহিদুৰ ৰহমান আৰু তেওঁ থৌবাল জিলাৰ লাইলুং হাউৰেইবি মায়াই লেইকাই নামৰ ঠাইৰ হাবিবুৰ ৰহমানৰ পুত্ৰ বুলি বিষয়াসকলে জনাইছে।

এজন বিষয়াই কয় যে , কাষ্টমছৰ চোৰাংচোৱাই থামনাপকপি অঞ্চলত সোণৰ চোৰাং ব্যৱসায় সন্দৰ্ভত নিৰ্দিষ্ট তথ্যৰ ওপৰত কাম কৰি থাকোতে সেই অঞ্চলত লাইচেঞ্চ প্লেট নথকা এখন ভানক বাধা দিছিল। বিষয়াসকলৰ আগত ভানখনৰ চালক ৱাহিদুৰে সোণৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা অস্বীকাৰ কৰাত ভানখনৰ চালকৰ লগতে আন দুজন যাত্ৰীক পূব ইম্ফলৰ চাংগাখামত অৱস্থিত শুল্ক কাৰ্যালয়লৈ লৈ যোৱা হয়।

ইম্ফল কাষ্টম ডিভিছনৰ বিষয়াজনে লগতে জনাই যে বাহনখনৰ তালাচীৰ সময়ত বাহনখনৰ ভিতৰত জব্দ কৰা সোণৰ দণ্ডবোৰ লুকুৱাই ৰখা গৈছিল।

উল্লেখনীয় যে, ভানখনৰ যাত্ৰী দুয়োজন চোৰাং ব্যৱসায়ৰ সৈতে সম্পৰ্কিত নহয় বুলি জানিব পৰাত প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰু প্ৰট'কল অনুসৰণ কৰি তেওঁলোকক মুক্ত কৰা হয়।
এই সন্দৰ্ভত, শুল্ক আইন ১৯৬২ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু চোৰাং ব্যৱসায়ৰ লগত জড়িত থকা
Published by:Sanjay Kumar Das
First published: