• Home
  • »
  • News
  • »
  • crime
  • »
  • জাতীয় সংগঠনৰ নামত ভুৱা ৰচিদ বনাই ধন সংগ্ৰহ, নাজিৰাত আটক ৫ যুৱক

জাতীয় সংগঠনৰ নামত ভুৱা ৰচিদ বনাই ধন সংগ্ৰহ, নাজিৰাত আটক ৫ যুৱক

বীৰ লাচিত সেনা আৰু বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ নামত ধন সংগ্ৰহ কৰিছিল যুৱককেইজনে৷  

বীৰ লাচিত সেনা আৰু বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ নামত ধন সংগ্ৰহ কৰিছিল যুৱককেইজনে৷  

বীৰ লাচিত সেনা আৰু বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ নামত ধন সংগ্ৰহ কৰিছিল যুৱককেইজনে৷  

  • Share this:

সহজে ধন ঘটাৰ উপায় বাছি লৈ  ৰঙা ঘৰৰ আলহী হ’ল নাজিৰাৰ পাঁচজনকৈ যুৱক৷ বীৰ লাচিত সেনা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নামত  ভুৱা ৰচিদ প্ৰস্তুত কৰি নাজিৰাৰ বিভিন্ন  ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে বিহুবৰ শিলনিৰ পৰা ধন সংগ্ৰহ কৰা পাঁচজন  যুৱকক বিহুবৰ আৰক্ষীৰ সহযোগত নাজিৰা আৰক্ষীয়ে আটক কৰে।


আটকাধীন যুৱককেইজন ক্ৰমে ইমতাদ আলী,  টনবিৰ আহমেদ লস্কৰ, প্ৰাঞ্জল কোঁৱৰ , জাভেদ ৰহমান আৰু  বিশাল বুলি জানিব পৰা গৈছে ৷ ইয়াৰে পূৰ্বেও  বিশাল নামৰ যুৱকজনে ঐক্য  সেনা অসমৰ নামত ধন সংগ্ৰহ কৰি ৰঙাঘৰৰ আলহী হৈছিল৷


আনহাতে সহজে ধন ঘটাৰ উপায় উলিওৱা মাষ্টাৰমাইণ্ড টনবিৰ আহমেদ লস্কৰক মঙলবাৰে বিহুবৰ আৰক্ষীয়ে জে'ললৈ প্ৰেৰণ কৰে৷ লগতে বাকীকেইজন যুৱককো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷


ইফালে বীৰ লাচিত সেনাৰ নামত ভুৱা ৰছিদ প্ৰস্তুত কৰি ধন সংগ্ৰহ কৰা কাৰ্যৰ  প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এই কাৰ্যত জড়িতসকলক কঠোৰ শাস্তিৰ দাবী জনাইছে বীৰ লাচিত সেনা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি