உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Gold Biscuits Seized : লামডিঙত সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী। জব্দ ৫০ লাখ টকাৰ সোণৰ বিস্কুট।

    Gold Biscuits Seized : লামডিঙত সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী। জব্দ ৫০ লাখ টকাৰ সোণৰ বিস্কুট।

    জব্দ সোণখিনিৰ ওজন ৫৮৩.৩ গ্ৰাম হোৱাৰ বিপৰীতে সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা হ'ব বুলি সন্দেহ।

    জব্দ সোণখিনিৰ ওজন ৫৮৩.৩ গ্ৰাম হোৱাৰ বিপৰীতে সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা হ'ব বুলি সন্দেহ।

    জব্দ সোণখিনিৰ ওজন ৫৮৩.৩ গ্ৰাম হোৱাৰ বিপৰীতে সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা হ'ব বুলি সন্দেহ।

    • Share this:
    ৰাজ্যত ৰে'লেৰে অব্যাহত আছে চোৰাং সোণৰ ৰমৰমীয়া বেহা। ইয়াৰ মাজতে ৰে'ল আৰক্ষীৰ অভিযানত লামডিঙত জব্দ হৈছে ৫খনৰ সোণৰ বিস্কুট । গ্ৰেপ্তাৰ কৰা হৈছে এটা সৰবৰাহকাৰীক।

    উল্লেখ্য যে ০৩১৭৪ আগৰতলা-শিয়ালদহ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছেৰে সৰবৰাহ কৰাৰ সময়তে লামডিং ৰে'ল আৰক্ষীয়ে ৰে'লখনৰ এছ-২ ডবাত তালাচী চলাই জব্দ  কৰে সোণখিনি ৷ জব্দ  হোৱা সোণখিনিৰ ওজন ৫৮৩.৩ গ্ৰাম হোৱাৰ বিপৰীতে সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা হ'ব বুলি সন্দেহ কৰিছে ৰে'ল আৰক্ষীয়ে।

    চোৰাং সোণখিনিৰ  লগতে ৰে'ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীটো জালালপুৰৰ পৃথ্বী শ্বাহ বুলি  চিনাক্ত কৰিছে আৰক্ষীয়ে। লক্ষণীয় যে ধৃত যুৱকজনে  আগৰতলাৰ পৰা কিষাণগঞ্জলৈ সোণখিনি সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল।
    Published by:Manjumoni Borah
    First published: