মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Human Trafficking : ছিকিমত মানব সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ অসমৰ ৪২গৰাকী শিশু-কিশোৰ, খানাপাৰাত মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰিলে দুৰ্ভগীয়া শিশুসকলৰ সৈতে।

Human Trafficking : ছিকিমত মানব সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ অসমৰ ৪২গৰাকী শিশু-কিশোৰ, খানাপাৰাত মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰিলে দুৰ্ভগীয়া শিশুসকলৰ সৈতে।

News18 Assam | News18-Assam
Updated:July 23, 2021, 6:30 PM IST
Human Trafficking : ছিকিমত মানব সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ অসমৰ ৪২গৰাকী শিশু-কিশোৰ, খানাপাৰাত মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰিলে দুৰ্ভগীয়া শিশুসকলৰ সৈতে।
প্ৰতীকী ফটো

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চমু কাৰ্যকালত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ হৈছে ১০৭টি শিশু ! এনে শিশুৰ বাবে প্ৰস্তুত কৰিব পুনৰসংস্থাপন নীতি।

  • Share this:
ৰাজ্যত ড্ৰাগছৰ পাছত মানৱ সৰবৰাহকাৰী (Human Traffickers)ৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান ৷ শেহতীয়াকৈ চিৰাং জিলা আৰক্ষীৰ অভিযানত ছিকিম (Sikkim)ৰ পৰা উদ্ধাৰ হৈছে ৪২টি শিশু-কিশোৰ ৷ উদ্ধাৰ হোৱা শিশু-কিশোৰকেইটাৰ বয়স ৮ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত ৷ আটাইকেইজনক উদ্ধাৰ কৰি বৃহস্পতিবাৰে নিশাই দুখন বাছেৰে অনা হৈছিল অসমলৈ। আজি গুৱাহাটীৰ খানাপাৰাত এই শিশু-কিশোৰসকলৰ সৈতে মত-বিনিময় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই।

মুখ্যমন্ত্ৰী শৰ্মাই চিৰাং আৰক্ষীৰ (Chirang Police) অভিযানক প্ৰশংসা কৰি কয় যে দৰিদ্ৰতাৰ বাবেই মানৱ সৰবৰাহকাৰীৰ কৱলত পৰিছে অসমৰ এইসকল শিশু-কিশোৰ। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন প্ৰলোভনেৰে নিয়া হৈছিল এই শিশুসকলক। শিশুকেইটা  মূলত আদিবাসী বঙালী আৰু বড়ো সম্প্ৰদায়ৰ বুলি জনায় মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে চিৰাং (Chirang) জিলাৰ দাৰিদ্ৰ পিড়ীত এলেকাৰ পৰা বিগত সময় বিভিন্ন প্ৰলোভন দি লৈ গৈছিল প্ৰায় ৮০টা শিশু ৷ ইয়াৰে ৪২গৰাকীক উদ্ধাৰ কৰা হ'ল যদিও বহু শিশু এতিয়াও মুম্বাই, ডুবাই, বেংগালুৰু আদি স্থানত থকা বুলি জনায় ৷ আনৰ গৃহত কাম কৰাৰ উদ্দেশ্যে প্ৰথমে চুবুৰীয়া ৰাজ্য সমূহলৈ লৈ যোৱা হয় শিশু সমূহ ৷ এই ঘটনাত জড়িত মূল অপৰাধী কৃষ্ণ যোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

মুখ্যমন্ত্ৰী শৰ্মাই জনায় যে বহু পৰিয়ালৰ সন্মতি সাপেক্ষেই এই ঘটনা চলি  আছে। কাৰণ দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালে লালন-পালন কৰিব নোৱাৰে নিজ সন্তানক আৰু তেনে সময়তে দুষ্ট চক্ৰই বিভিন্ন প্ৰলোভনেৰে শিশু সমূহক লৈ যায় অন্য ৰাজ্যলৈ।

এই ঘটনাৰ উচিত তদন্ত হ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিশুসকলৰ পৰিয়ালসমূহৰ সৈতে যোগাযোগ কৰা হ'ব ৷ পৰিয়ালে পালন কৰিব নোৱাৰিলে উদ্ধাৰ কৰি অনা শিশুসকলৰ CWCৰ জড়িয়তে ব্যৱস্থা লোৱা হ'ব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে। বৰ্তমান  কোকৰাঝাৰৰ শিশু আশ্ৰয় গৃহত ৰখা হ'ব সকলোকে ৷

এনেদৰে মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা শিশুৰ ৰিহেবিলিটেচনৰ কাৰণে চৰকাৰে অচিৰেই এক নীতি প্ৰস্তুত কৰিব বুলিও আজি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে।

উল্লেখ্য যে শিশুসকলক বৃহস্পতিবাৰে উদ্ধাৰ কৰি অনাৰ পিছতে আজি ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে অসমলৈ আহি শিশুকেইগৰাকীক সাক্ষাৎ কৰে। গোসাইগাঁৱত উপস্থিত হৈ ঘটনাৰ বুজ লয় প্ৰেম সিং তামাঙে।
Published by: Manjumoni Borah
First published: July 23, 2021, 6:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি