মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Duplicate Diesel : আগফালে হাৰ্ডৱেৰৰ মাল, পাছফালে দুই নম্বৰী 'লিকুইড' মাল। গহপুৰৰ এখন দোকানত মহা পয়মাল...

Duplicate Diesel : আগফালে হাৰ্ডৱেৰৰ মাল, পাছফালে দুই নম্বৰী 'লিকুইড' মাল। গহপুৰৰ এখন দোকানত মহা পয়মাল...

News18 Assam | News18-Assam
Updated:June 1, 2021, 2:16 PM IST
Duplicate Diesel : আগফালে হাৰ্ডৱেৰৰ মাল, পাছফালে দুই নম্বৰী 'লিকুইড' মাল। গহপুৰৰ এখন দোকানত মহা পয়মাল...

  • Share this:
গহপুৰৰ এখন হাৰ্ডৱেৰৰ দোকানে হাৰ্ডৱেৰ ব্যৱসায়ৰ সকলো অভিলেখ ভংগ কৰিলে। এইখন হাৰ্ডৱেৰৰ দোকানত পায় দুই নম্বৰী 'লিকুইড' মাল।

অসম-অৰুণাচল সীমান্তৰ ৰাজগড় সংযোগী ইটানগৰলৈ যাব পৰা পথটিৰ ওপৰেৰে দৈনিক চলি আহিছে অপৰাধজনিত ব্যৱসায়। ড্ৰাগছ, ভাং, চোৰাং কাঠ, অৰুণাচলী সুৰা, ডুপ্লিকেট ডিজেলকে ধৰি  বিভিন্ন দুই নম্বৰী কাৰবাৰৰ ঘাটিত পৰিণত হৈছে এই ৰাজগড় এলেকা।  শেহতীয়াকৈ এখন হাৰ্ডৱেৰৰ দোকানৰ পাছফালে ৪০০০ লিটাৰ ডুপ্লিকেট ডিজেল জব্দ হাৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজগড় নিবাসী পৰশুৰাম গুপ্তা নামৰ ৬০ বছৰীয়া এগৰাকী অসাধু ব্যৱসায়ীক। ৰাজগড়ত এখন হাৰ্ডৱেৰ দোকান দি তাৰ পাছফালে ডুপ্লিকেট ডিজেলৰ এখন ক'লা সাম্ৰাজ্য গঢ়ি তুলিছে পৰশুৰামে। পুত্ৰ দীপক গুপ্তাৰ লগত মিলি ডুপ্লিকেট ডিজেলৰ চোৰাং কাৰবাৰ কৰি কোটিপতি হৈছে গুপ্তা।

আৰক্ষীয়ে ডুপ্লিকেট ডিজেলৰ লগতে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ কেৰাচিন, ৪৫ কিল'গ্ৰাম চলভেণ্ট জাতীয় পাউদাৰ আৰু বহুতো ড্ৰাম।

অভিযোগ মতে এইগৰাকী ধুৰন্ধৰ ব্যৱসায়ী পৰশুৰাম গুপ্তাই পুত্ৰ দীপক গুপ্তাৰ সহযোগত আৰম্ভ কৰা এই ডুপ্লিকেট ডিজেল ব্যৱসায়ৰ বাবে প্ৰথমে শ-শ লিটাৰ কেৰাচিন তেল চোৰাংকৈ ক্ৰয় কৰি মজুত কৰি লয়। ইয়াৰ পিছত কেৰাচিনৰ লগত চলভেণ্ট জাতীয় এবিধ পাউদাৰ মিহলি কৰি কেৰাচিন খিনিৰ ৰং সাইলাখ ডিজেলৰ নিচিনা কৰি তোলে। এনেজৰে ৰাজগড় এলেকাত ডুপ্লিকেট ডিজেলৰ এখন ক'লা বজাৰ গঢ়ি তোলে।

কমসময়ৰ ভিতৰতে এই দুই নম্বৰী ব্যৱসায় ৰমৰমীয়া হৈ পৰে। পাছলৈ হাজাৰ হাজাৰ লিটাৰ ডুপ্লিকেট ডিজেলৰ বেপাৰ কৰিব পৰা হ'ল পৰশুৰামে। ইয়াৰ বাবেমেচিন পৰ্য্যন্ত গোটাই লোৱাৰ লগতে তেল মজুত কৰা ড্ৰামৰ সংখ্যাও আগতকৈ বঢ়াই লয়।

পৰশুৰামৰ এই ডুপ্লিকেট ডিজেল বহু খুচুৰা ব্যৱসায়ীয়ে গাঁৱত বিক্ৰী কৰিবলৈ ড্ৰামে ড্ৰামে ক্ৰয় কৰি নিয়া বুলিও জানিব পৰা গৈছে। তেওঁৰ এই ডিজেল বিশেষভাবে সৰবৰাহ হয় ইটানগৰকে ধৰি গহপুৰৰ উত্তৰাঞ্চলৰ কাষৰীয়া অঞ্চলসমূহলৈ।

পুৱাৰ পৰা সন্ধিয়া পৰ্য্যন্ত পৰশুৰামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত "ডিজেল" ভৰাবলৈ লাইন লগা গাড়ীৰ সংখ্যা দেখি স্থানীয় ৰাইজে তবধ মানে যদিও  প্ৰভাৱশালী চক্ৰটোৰ এই ব্যৱসায়ৰ বিৰূদ্ধে মাত মাতিবলৈ সাহস নকৰে। অৱশেষত পৰশুৰামক গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দেওবাৰে বিশ্বনাথ জে'ল-হাজোতলৈ প্ৰেৰণ কৰে যদিও পুত্ৰ দীপক গুপ্তা পলাতক অৱস্থাত আছে।
Published by: Manjumoni Borah
First published: June 1, 2021, 2:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি