বাক্সাৰ বাঁহবাৰীত আজি এক চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা সংঘটিত হয় ৷ গ্ৰাহক সেৱা কেন্দ্ৰত তিনি ডকাইতে পিষ্টল দেখুৱাই লুটি নিয়ে চাৰি লক্ষাধিক টকা৷ বাঁহবাৰীৰ ফাতেমাবাদ চাহ বাগিচাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা ৷ দিন দুপৰতে সংঘটিত ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷
ইতিমধ্যে ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিছে এজন ডকাইতক ৷ জব্দ কৰিবলৈ সক্ষম হৈছে ডকাইত তিনিজনে ব্যৱহাৰ কৰা দুখন মটৰচাইকেল ৷ জানিব পৰা মতে, আজি দুপৰীয়া বাঁহবাৰীত থকা এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত নাজিৰ হুছেইন নামৰ যুৱকজনে দুজন গ্ৰাহকৰ সৈতে বহি থকা সময়তে দুখন পালচাৰ বাইকত অহা তিনিজন যুৱকে কেন্দ্ৰটোত প্ৰৱেশ কৰে৷ তাৰ পিছতে এজন যুৱকে পিষ্টল উলিয়াই নাজিৰ হুছেইনক আক্ৰমণ কৰি গ্ৰাহক সেৱা কেন্দ্ৰটোত থকা প্ৰায় চাৰি লাখ লুট কৰি আঁতৰি যায় ৷
কিন্তু প্ৰত্যক্ষদৰ্শীৰ চিঞৰ–বাখৰ শুনি ৰাইজ তথা ওচৰতে থকা আৰক্ষী ওলাই আহি ডকাইতকেইজনক খেদি যোৱাত বাইক এৰি পলাবলৈ চেষ্টা কৰাত এজন ডকাইতক ৰাইজৰ সহযোগত বাঁহবাৰী আৰক্ষীয়ে আটক কৰে ৷ লগতে ঘটনাস্থলীৰ পৰা ডকাইত তিনিজনে ব্যৱহাৰ কৰা দুখন পালছাৰ বাইক আৰক্ষীয়ে জব্দ কৰি আৰক্ষী চকীলৈ আনে ৷ সম্প্ৰতি ধৃত ডকাইতজন বাঁহবাৰী আৰক্ষী চকীত থকাৰ বিপৰীতে পলায়ন কৰা সদস্য দুজনক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অঞ্চলটোত অভিযান চলাই আছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|