• Home
  • »
  • News
  • »
  • crime
  • »
  • Fake Teacher : হাজো আৰক্ষীৰ জালত চাৰি ভুৱা শিক্ষক, ভুৱা মাৰ্কশ্বিট–চাৰ্টিফিকেটৰ সহায়ত লৈছিল টেট শিক্ষকৰ চাকৰি

Fake Teacher : হাজো আৰক্ষীৰ জালত চাৰি ভুৱা শিক্ষক, ভুৱা মাৰ্কশ্বিট–চাৰ্টিফিকেটৰ সহায়ত লৈছিল টেট শিক্ষকৰ চাকৰি

এই আটাইকেইজন টেট শিক্ষকে চিৰাং আৰু বাক্সা জিলাত এমাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল।

এই আটাইকেইজন টেট শিক্ষকে চিৰাং আৰু বাক্সা জিলাত এমাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল।

এই আটাইকেইজন টেট শিক্ষকে চিৰাং আৰু বাক্সা জিলাত এমাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল।

  • Share this:
মাটিৰ দালালৰ পিছতে এইবাৰ ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। নিশা হাজোৰ বিভিন্ন প্ৰান্তত কামৰূপ আৰক্ষীয়ে চলালে ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে অভিযান। এই অভিযানত ভুৱা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটেৰে টেটত নিযুক্তি পোৱা চাৰিগৰাকীকৈ টেট শিক্ষকক আটক কৰিবলৈ সক্ষম হৈছে কামৰূপ আৰক্ষীয়ে।

আটক হোৱা ভুৱা শিক্ষককেইজন হৈছে হাজোৰ বঙালপাৰাৰ আজিজুৰ ৰহমান, মনোৱাৰ হুছেইন আৰু আন্ধুপাৰাৰ মনোৱাৰ খানৰ লগতে ছহিবুৰ ৰহমান। এই আটাইকেইজন টেট শিক্ষকে চিৰাং আৰু বাক্সা জিলাত এমাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আমাৰ হাতত ৩৬জন ভুৱা শিক্ষকৰ নাম আছে। তাৰ ভিতৰত ২২ জনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ অভিযান চলি আছে। বাকীসকলকো আমি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিম।’’
Published by:Sanjay Kumar Das
First published: