গৰু চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ হ'ল ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ঘনিষ্ঠ। ভুৱা ছীল–মোহৰ আৰু ৰচিদেৰে চলাই আছিল গৰুৰ চোৰাং ব্যৱসায় । চোৰাং গৰু ব্যৱসায়ীজনৰ নাম ইছৰাফিল। ইছৰাফিলৰ সহযোগী চুলতান আহমেদ , নুৰজামান আৰু শ্বহিদুল ইছলাম নামৰ আন তিনিজন লোককো গ্ৰেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে। আটাইকেইজন গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে'ল–হাজোতলৈ প্ৰেৰণ কৰিছে।
গৰুৰ চোৰাং ব্যৱসায়ীকেইজনে মৈৰাবাৰীৰ পাৰ্শ্বৱৰ্তী চহৰীয়া গাঁও বজাৰ কমিটীৰ নামত মৰিগাঁও জিলা পৰিষদৰ ভুৱা ছীল–মোহৰ আৰু ৰচিদ বনাই বিগত কেইবাবছৰ ধৰি গৰুৰ চোৰাং বেহা চলাই আহিছিল। ভুৱা ৰচিদ বনাই চৰকাৰক বছৰি বহু লাখ টকাৰ ৰাজহ ফাঁকি দি আহিছিল এই চোৰাং গৰু সৰবৰাহকাৰীকেইটাই। মৈৰাবাৰী আৰক্ষীয়ে এই জালিয়াতিৰ কথা জানিব পাৰি ইছৰাফিলসহ চাৰি সহযোগীক সোমবাৰে গ্ৰেপ্তাৰ কৰে। এই চক্রটোৰ পৰা বহু আপত্তিজনক নথি-পত্রও জব্দ কৰে আৰক্ষীয়ে।
চোৰাং গৰু ব্যৱসায় আৰু জালিয়াতিৰ মূল নায়ক ইছৰাফিল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ অতি ঘনিষ্ঠ। ইছৰাফিল ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ যুৱমৰ্চাৰ প্ৰাক্তন সভাপতিও। বিধায়ক আমিনুল ইছলামৰ ঘনিষ্ঠ ব্যক্তিজন চোৰাং গৰু ব্যৱসায়ত জড়িত থকাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|