উত্তৰ গুৱাহাটীৰ লেঙাৰ এখন সকামৰ বাবে অনা হৈছিল কেইবাটাও ছাগলী। কিন্তু পথত এৰাল দিয়া ছাগলী লৈ উধাও হোৱা অৱস্থাত ৰাইজে ৰজাদুৱাৰত আবদ্ধ কৰে তিনি ছাগলী চোৰক । পশুধন পালকক অতিষ্ঠ কৰি ছাগলীৰ বিধান নাইকিয়া কৰাৰ সংকল্প লোৱা চোৰৰ বুধবাৰে চলিল বেয়া দশা।
চুৰি কাৰ্যৰে উত্তৰ গুৱাহাটীৰ ৰাইজক জলাকলা খুওৱা চোৰ ধৰাৰ খবৰ শুনি ওলাই অহা ৰাইজে ঔকিল দিয়ে। ছাগলী চোৰকেইটা ক্ৰমে বিকাশ দাস (চন্দ্ৰপুৰ), মিণ্টু দাস (পানেৰী) আৰু বিজয় কাকতি উত্তৰ গুৱাহাটী মণিকনেশ্বৰৰ বুলি জানিব পৰা গৈছে (goat thieves arrested in North Guwahati)।
অৱশ্যে দুজন চোৰ কৌশলেৰে পলায়ন কৰে। এখন মেজিক ভানত আনদিনৰ লেখীয়া ছাগলী চুৰ কৰিবলৈ আহি তিনি ছাগলী চোৰ ৰাইজৰ হাতত কৰায়ত্ত হয়। পিছে পলাতক দুই চোৰে দুটা ছাগৰীও লগত লৈ পলায়ন কৰে । ৰাইজৰ খবৰৰ ভিত্তিত বাইহাটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি ছাগলী চোৰক ।
ঘটনাৰ বিৱৰণী অনুসৰি, পাঁচজন ছাগলী চোৰে এখন মেজিক ভানত আহি প্ৰথমে লেঙাৰ ৰাজপথৰ পৰা দুটা খাহী ছাগলী গাড়ীত উঠাই লৈ পলায়ন কৰে । প্ৰত্যক্ষদৰ্শীয়ে বাধা দিবলৈ লোৱাত চোৰৰ গেঙে ছাগলীৰ গৰাকীক ঢকিয়াই থৈ যায় । পিছত চোৰৰ গেঙে ৰজাদুৱাৰত এটি খাহী ছাগলী গাড়ীত উঠাবলৈ লওঁতেই ওচৰত থকা টেম্পোচালকসকলে সাহসেৰে তিনি চোৰক আবদ্ধ কৰি বান্ধি থয়।
উল্লেখ্য যে বিগত কেইবা বছৰৰ পৰা দিনৰ পোহৰতে চোৰে ছাগলী চুৰি কৰি আহিছে উত্তৰ গুৱাহাটীত ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|