আইন ৰক্ষক একাংশ আৰক্ষীয়ে কেতিয়াবা এনে কিছুমান কাণ্ড কৰি পেলায় যে তাৰ আলোচনা নকৰাকৈ থাকিব নোৱাৰি। বহু অপৰাধীৰ সৈতে আৰক্ষীৰ ভাল সম্পৰ্ক থাকে বুলি প্ৰায়েই অভিযোগ উত্থাপন হয়। তাকেই প্ৰমাণ কৰি এইবাৰ নিলম্বিত হ'ল তিনিজন আৰক্ষী। ড্ৰাগছৰ গোচৰত অভিযুক্ত এজন অপৰাধীৰ জন্মদিনৰ পাৰ্টীত গৈ নিলম্বিত হ'ল আৰক্ষী তিনিজন।
মধ্যপ্ৰদেশ (Madhya Pradesh)ৰ দেৱস জিলাৰ তিনজিন আৰক্ষীক দেওবাৰে এই অভিযোগত নিলম্বন কৰা হয়। ড্ৰাগছ স্মাগলাৰৰ জন্মদিনৰ আয়োজনত ভাগ লোৱা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে তিনিওজনক নিলম্বন কৰা হয়।
এই videoটোত দেখা গৈছে যে জয়কুমাৰ ছবনানী ওৰফে বাবু সিন্ধি নামৰ ড্ৰাগছ স্মাগলাৰ (drug smuggler)টোৱে, যি এতিয়া কাৰাগাৰত আছে, তেওঁ বন্দুকেৰে জন্মদিনৰ কেক কাটি আছে আৰু তিনিজন আৰক্ষীয়ে থিয় হৈ চাই আছে। কনিষ্টবল সজ্জন সিং, অৰুণ আহিৰৱাৰ আৰু সুনীল ৰাজোৰিয়াক লগে লগে নিলম্বন কৰা হয়।
উল্লেখ্য যে যোৱা আগষ্ট মাহত বিশাল পৰিমাণৰ ড্ৰাগছৰ সৈতে নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৱে গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ স্মাগলাৰ ছাবনানীক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|