মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»ৰঙিয়াত বিদ্যালয়ৰ পৰা চোৰে নিলে ২৭ খনকৈ ফেন, পানীৰ পাম্প

ৰঙিয়াত বিদ্যালয়ৰ পৰা চোৰে নিলে ২৭ খনকৈ ফেন, পানীৰ পাম্প

News18 Assam | News18-Assam
Updated:June 14, 2021, 7:24 PM IST
ৰঙিয়াত বিদ্যালয়ৰ পৰা চোৰে নিলে ২৭ খনকৈ ফেন, পানীৰ পাম্প
বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ কাষেৰে গৈ থকা অৱস্থাত বিদ্যালয়ৰ চিলিং ভগা অৱস্থাত প্ৰত্যক্ষ কৰে।

বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ কাষেৰে গৈ থকা অৱস্থাত বিদ্যালয়ৰ চিলিং ভগা অৱস্থাত প্ৰত্যক্ষ কৰে।

  • Share this:

কোৰোণা আতংকৰ মাজতে ৰঙিয়াত চোৰৰ উপদ্ৰৱ । এইবাৰ চোৰৰ চকু পৰিল ব্যক্তিগত বিদ্যালয়ত। ‌ৰঙিয়াৰ জয়ন্তীপুৰ বিদ্যা নিকেতনত গুৰুত্বপূৰ্ণ নথি পত্ৰ লণ্ডভণ্ড কৰাৰ লগতে চোৰে  ২৭খনকৈ ফেন চুৰ কৰে। অকল এয়াই নহয়, ফেনৰ লগতে পানীৰ পাম্প পৰ্যন্ত চুৰ কৰি নিয়ে চোৰে । বিদ্যালয়খনৰ চিলিং ভাঙি চোৰৰ দলটোৱে  চুৰি কাৰ্য সংঘটিত কৰা বুলি জানিব পৰা গৈছে।অৱশ্য়ে এই চুৰি কাৰ্যৰ বিষয়ে সোমবাৰে আবেলিহে জানিব পাৰে বিদ্যালয় কৰ্তৃপক্ষই। 


বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ কাষেৰে গৈ থকা অৱস্থাত বিদ্যালয়ৰ চিলিং ভগা অৱস্থাত প্ৰত্যক্ষ কৰে। শিক্ষকগৰাকীৰ সন্দেহ ওপজাত বিদ্যালয়ৰ ভিতৰলৈ গৈ  চুৰি কাৰ্য সংঘটিত হোৱাৰ কথা গম পায়। চুৰি হোৱাৰ বিষয়ে অৱগত হোৱাত এক হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰে। পিছত চুৰি কাৰ্য সন্দৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰাত ৰঙিয়া আৰক্ষীৰ দল এটা বিদ্যালয়খনত উপস্থিত হৈ প্ৰথমিক তদন্ত আৰম্ভ কৰে । শিক্ষানুষ্ঠান এখনত এনেদৰে চোৰে চাফাই অভিযান চলোৱা দুৰ্বৃত্তক অতি সোনকালে কৰায়ত্ত কৰাৰ বাবে দাবী জনাইছে ।

Published by: Gautam Barman
First published: June 14, 2021, 7:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি