Human Trafficking : তামুলপুৰৰ ভাৰত ভূটান সীমান্তত পুনৰ মানৱ সৰবৰাহৰ ঘটনা। গুজৰাটলৈ নি থকা অৱস্থাত ২২ গৰাকী কিশোৰ–কিশোৰীক উদ্ধাৰ আৰক্ষীৰ৷

News18 Assam | News18-Assam
Updated:July 20, 2021, 10:50 AM IST
Human Trafficking : তামুলপুৰৰ ভাৰত ভূটান সীমান্তত পুনৰ মানৱ সৰবৰাহৰ ঘটনা। গুজৰাটলৈ নি থকা অৱস্থাত ২২ গৰাকী কিশোৰ–কিশোৰীক উদ্ধাৰ আৰক্ষীৰ৷
পৰিয়ালৰ লোকক অৱগত নকৰাকৈ ফুচুলাই গুজৰাটৰ মাছ ফেক্টৰীত কাম দিয়াৰ নামত কিশোৰী কেইগৰাকীক গোপনে নিয়াৰ ব্যৱস্থা কৰা হৈছিল।

পৰিয়ালৰ লোকক অৱগত নকৰাকৈ ফুচুলাই গুজৰাটৰ মাছ ফেক্টৰীত কাম দিয়াৰ নামত কিশোৰী কেইগৰাকীক গোপনে নিয়াৰ ব্যৱস্থা কৰা হৈছিল।

  • Share this:
তামুলপুৰৰ ভাৰত ভূটান সীমান্তত পুনৰ মানৱ সৰবৰাহৰ ঘটনা। গুজৰাটলৈ নি থকা অৱস্থাত পুনৰ ২২ গৰাকী কিশোৰ–কিশোৰীক উদ্ধাৰ আৰক্ষীৰ৷ সোমবাৰে পুৱা কুমাৰীকাটাৰ বালাহাটী গাঁৱৰ পৰা তিনিখন উইংগাৰ বাহনেৰে গুজৰাট অভিমুখে যাত্ৰা কৰাৰ সময়তে কুমাৰীকাটা আৰক্ষীৰ দলে বাহনকেইখন জব্দ কৰাত পোহৰলৈ আহে সকলো কথা৷

আৰক্ষীয়ে বাহন তিনিখনৰ চালক আৰু এজেণ্টক আটক কৰাৰ লগতে উদ্ধাৰ কৰে কিশোৰীকে ধৰি ২২গৰাকী লোকক। ইয়াৰে ১৫গৰাকী কিশোৰ আৰু ৭গৰাকী কিশোৰী৷ পৰিয়ালৰ লোকক অৱগত নকৰাকৈ ফুচুলাই গুজৰাটৰ মাছ ফেক্টৰীত কাম দিয়াৰ নামত কিশোৰী কেইগৰাকীক গোপনে নিয়াৰ সময়তে আৰক্ষীয়ে জব্দ কৰে বাহন তিনিখন আৰু এজেণ্টজনক৷

উল্লেখ্য যে আৰক্ষীয়ে ইতিমধ্যে দীর্ঘদিনে মানৱ সৰবৰাহৰ সৈতে জড়িত হৈ থকা এজেণ্টজনৰ বিৰুদ্ধে নিজাকৈ ৰুজু কৰিছে গোচৰ৷ ৰাজ্যত আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ সময়ত কিদৰে অসমৰ পৰা গুজৰাটলৈ এইসকল লোকক মানৱ সৰবৰাহকাৰী দলে নিবলৈ সাহস কৰিছিল তাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ইতিমধ্যে উদ্ধাৰ কৰা কিশোৰ কিশোৰীসকলক ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়া নামৰ সংস্থাটোৰ সহযোগত বাক্সা জিলা শিশু কল্যাণ সমিতিত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰিছে কুমাৰীকাটা আৰক্ষীয়ে।
Published by: Manjumoni Borah
First published: July 20, 2021, 10:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি