মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Drugs Seized In Sonari : নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত চৰাইদেউ জিলা, সোণাৰিত ড্ৰাগছসহ ২০ বছৰীয়া যুৱতী আটক আৰক্ষীৰ

Drugs Seized In Sonari : নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত চৰাইদেউ জিলা, সোণাৰিত ড্ৰাগছসহ ২০ বছৰীয়া যুৱতী আটক আৰক্ষীৰ

দুদিনমানৰ পূৰ্বে এগৰাকী নগা যুৱতীক ড্ৰাগছসহ চৰাইদেউ আৰক্ষীয়ে আটক কৰাৰ পিছত আজি পুনৰ এগৰাকী

দুদিনমানৰ পূৰ্বে এগৰাকী নগা যুৱতীক ড্ৰাগছসহ চৰাইদেউ আৰক্ষীয়ে আটক কৰাৰ পিছত আজি পুনৰ এগৰাকী

দুদিনমানৰ পূৰ্বে এগৰাকী নগা যুৱতীক ড্ৰাগছসহ চৰাইদেউ আৰক্ষীয়ে আটক কৰাৰ পিছত আজি পুনৰ এগৰাকী

  • Share this:
ড্ৰাগছৰ ঘাটিত পৰিণত চৰাইদেউ জিলা।সোণাৰিত ড্ৰাগছসহ ২০ বছৰীয়া যুৱতী আটক আৰক্ষীৰ।

ড্ৰাগছ-গাঞ্জা সৰবৰাহকাৰী আৰু ড্ৰাগছ-গাঞ্জা আসক্ত লোকেৰে ভৰি পৰিছে চৰাইদেউ জিলাৰ বিভিন্ন এলেকা৷ ড্ৰাগছ-গাঞ্জা সৰবৰাহ আৰু সেৱন কৰাৰ অভিযোগত চলিত মাহতে এতিয়ালৈকে জিলাখনত কুৰিজনৰো অধিক লোকক আৰক্ষীয়ে আটক কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ আৰু গাঞ্জা জব্দ কৰিছে৷

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপতে ড্ৰাগছ আসক্ত যুৱকে ঘাটি পতাৰ লগতে জিলা সদৰ সোণাৰি নগৰৰ অলিয়ে-গলিয়ে ড্ৰাগছ আসক্ত যুৱকে ভিৰ কৰাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তলৈ সীমামূৰীয়া নাগালেণ্ড আৰু অৰুণাচলৰ পৰা ড্ৰাগছ-গাঞ্জা সৰবৰাহ কৰি একাংশই ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছে৷

দুদিনমানৰ পূৰ্বে এগৰাকী নগা যুৱতীক ড্ৰাগছসহ চৰাইদেউ আৰক্ষীয়ে আটক কৰাৰ পিছত আজি পুনৰ এগৰাকী ২০ বছৰীয়া যুৱতীক বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ সোণাৰি আৰক্ষীয়ে আটক কৰে৷

সোণাৰি নগৰৰ ৪নং ৱাৰ্ডৰ এটা ভাড়াঘৰৰ পৰা ৫টা বক্সসহ আৰক্ষীয়ে জব্দ কৰে মৌচুমী বেগম নামৰ মহিলাগৰাকীক। গোলাঘাটৰ পৰা সোণাৰিত বাহৰ পাতি ড্ৰাগছৰ ব্যৱসায় কৰা ধৃত মৌচুমী বেগমৰ পৰা আৰক্ষীয়ে কনটেইনাৰসহ প্ৰায় ৭০ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে। বৰ্তমান সোণাৰি আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি যুৱতীগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে৷ যুৱতীগৰাকীৰ পৰা দুটা মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে।

শেহতীয়া বাতৰি