বাংলাদেশৰ পৰা অহা জাল ভাৰতীয় টকাৰে ছানি ধৰিছে ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰীৰ বহু অঞ্চল। ধুবুৰীৰ পৰাই আকৌ অসমৰ বিভিন্ন ঠাইলৈ সৰবৰাহ হয় জাল নোট।
সোমবাৰে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ বিন্নাচৰাত আৰক্ষী আৰু বিএছএফে অভিযান চলাই ২ লাখ টকাৰ জাল ভাৰতীয় নোট জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে দুজন সৰবৰাহকাৰী। ধৃত দুজন বিন্নাচৰা অঞ্চলৰ হুছেইন আলী আৰু সৌলমাৰী বালাডুবা অঞ্চলৰ মছলেম অলী।
টকাখিনি ধুবুৰীৰ বজাৰত বিলোৱাৰ বাবেই আনিছিল বুলি মন্তব্য অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজিৰাণী শৰ্মাৰ। এই চক্ৰটো কোনো জেহাদী শক্তিৰ সৈতেও জড়িত থকিব পাৰে বুলি সন্দেহ আৰক্ষীৰ। ধুবুৰী সদৰ আৰক্ষী থানাত দুয়োৰে চলিছে জেৰা।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|