মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Cattle Smuggling : যাত্ৰীবাহী ট্ৰেভেলাৰত ১৮টাকৈ চোৰাং গৰু, নগাঁৱত জব্দ

Cattle Smuggling : যাত্ৰীবাহী ট্ৰেভেলাৰত ১৮টাকৈ চোৰাং গৰু, নগাঁৱত জব্দ

নগাঁৱৰ চামগুৰিৰ পৰা মেঘালয়লৈ নিতৌ সৰবৰাহ হয় চোৰাং গৰু

নগাঁৱৰ চামগুৰিৰ পৰা মেঘালয়লৈ নিতৌ সৰবৰাহ হয় চোৰাং গৰু

নগাঁৱৰ চামগুৰিৰ পৰা মেঘালয়লৈ নিতৌ সৰবৰাহ হয় চোৰাং গৰু

  • Share this:

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়াৰ পিছতো নগাঁৱত পূৰ্ণগতিত চলি আছে চোৰাং গৰুৰ ছিণ্ডিকেট। আজি পুনৰ নগাঁৱৰ বৰঘাটত এছ ০১ এফ চি নম্বৰত এখন যাত্ৰীবাহী ট্ৰেভেলাৰত ১৮টাকৈ চোৰাং গৰু নগাঁৱৰ চামগুৰিৰ পৰা যোৰাবাটলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰোঁতেই  আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে।


আৰক্ষীয়ে ট্ৰেভেলাৰখনৰ হেণ্ডিমেন আখতাৰ উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও চালক গৰাকীয়ে আৰক্ষীৰ চকুত ধূলি দি সেইস্থানৰ পৰা পলায়ন কৰে।


উল্লেখযোগ্য যে নগাঁৱৰ পৰা নিতৌ মেঘালয়লৈ চোৰাংভাৱে গৰু সৰবৰাহ হৈ থকাৰ বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নগাঁৱৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়াও এইক্ষেত্ৰত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।


 চোৰাং গৰু ব্যৱসায়ী চক্ৰই আৰক্ষীৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ সৈতে কৰা মিতিৰালিৰ বাবেই চৰকাৰে এই চক্ৰটোক উৎখাত কৰাত বাৰে বাৰে ব্যৰ্থ হৈছে। গোলাঘাটৰ বিহৰা বজাৰৰ পৰা চামগুৰি আৰু চামগুৰিৰ পৰা মেঘালয় সীমান্তলৈ নিতৌ গৰু সৰবৰাহ হৈ থকা ঘটনাই এই কথা পুনৰ প্ৰমাণ কৰিছে।

শেহতীয়া বাতৰি