মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Baby Theft : নিশা বিছনাৰ পৰাই ১৮ দিনীয়া কেঁচুৱা চুৰি, শোৱা পাটিত মাতৃৰ বুকুৰ পৰাই দুৰ্বৃত্তই চুৰি কৰি নিলে শিশুটি, বঙাইগাঁৱত এই চাঞ্চল্যকৰ ঘটনা

Baby Theft : নিশা বিছনাৰ পৰাই ১৮ দিনীয়া কেঁচুৱা চুৰি, শোৱা পাটিত মাতৃৰ বুকুৰ পৰাই দুৰ্বৃত্তই চুৰি কৰি নিলে শিশুটি, বঙাইগাঁৱত এই চাঞ্চল্যকৰ ঘটনা

বঙাইগাঁৱৰ বিদ্যাপুৰৰ বিনয় সূত্ৰধৰ নামৰ লোকজনৰ সদ্যোজাত সন্তানটি নিশা ঘৰৰ পৰাই দুৰ্বৃত্তই চুৰি কৰি নিয়ে ৷

  • Share this:
বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত ১৮ দিনীয়া শিশু চুৰিৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে ৷ নিশা বিছনাত শুই থকা অৱস্থাতে মাতৃৰ বুকুৰ পৰা অন্তৰ্ধান হল পানী কেঁচুৱা ৷

বিনয় সূত্ৰধৰ নামৰ লোকজনৰ সদ্যোজাত সন্তানক নিশা ঘৰৰ পৰাই কোনোবাই চুৰি কৰি নিয়ে ৷ মাক শেফালী সূত্ৰধৰে নিজ সন্তানক লৈ নিশা টোপনি যোৱাৰ পিছত কাষতে থকা কণমাণি সন্তানটি অন্তৰ্ধান হৈ পৰে ৷ পৰৱৰ্তী সময়ত মাজ নিশা মাকে উঠি নিজৰ সন্তানক কাষত নাপাই হুৱাদুৱা লগায় ৷ ঘৰৰ ভিতৰৰ পৰা বন্ধ কৰা দৰ্জাখনো  খোলা অৱস্থাত মহিলাগৰাকীয়ে প্ৰত্যক্ষ কৰে ৷

ইতিমধ্যে জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ আৰক্ষী বিষয়া বৰ্গ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত  আৰম্ভ কৰিছে ৷ কিন্তু ঘটনাৰ প্ৰকৃত ৰহস্য বৰ্তমানলৈ উদঘাটন হোৱা নাই ৷

শেহতীয়া বাতৰি