
যোৰহাট (Jorhat Mob Lynching)ত আছু নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ড (Animesh Bhuyan Murder Case)ৰ আন এজন অভিযুক্ত প্ৰিয়াংসু দাস ওৰফে টিলৌক আৰক্ষীয়ে শুক্ৰবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে।
যোৰহাট (Jorhat Mob Lynching)ত আছু নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ড (Animesh Bhuyan Murder Case)ৰ আন এজন অভিযুক্ত প্ৰিয়াংসু দাস ওৰফে টিলৌক আৰক্ষীয়ে শুক্ৰবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে।
যোৰহাট (Jorhat Mob Lynching)ত আছু নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ড (Animesh Bhuyan Murder Case)ৰ আন এজন অভিযুক্তক আৰক্ষীয়ে শুক্ৰবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে । প্ৰিয়াংসু দাস ওৰফে টিলৌক বৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে । ভিডিঅ' ফুটেজত দেখিবলৈ পোৱা মতে টিলৌৱে অনিমেশক পেটত আক্ৰমণ কৰিছিল । যোৰহাটবাসী ৰাইজৰ সহায়ৰ জৰিয়তে এই ঘটনাৰ ১৪ নম্বৰজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিছে যোৰহাট আৰক্ষীয়ে ।
উল্লেখ্য যে অনিমেশ ভূঞাৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে ১৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰে মূল অভিযুক্ত ক'লা ল'ৰা ওৰফে নীৰজ দাসৰ ইতিমধ্যে দূৰ্ঘটনাত মৃত্যু হৈছে । ৮ জন অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে আৰু ৫ জন অভিযুক্তক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল ।
এই নৃশংস হত্যাকাণ্ডৰ যিকোনো ধৰণৰ তথ্য-প্ৰমাণ ৰাইজৰ ওচৰত থাকিলে সেয়া আৰক্ষীক যোগান ধৰিবলৈ যোৰহাটৰ আৰক্ষী অধীক্ষকে সকলোকে আহ্বান জনাইছে । তথ্যৰ যোগান ধৰোতাসকলৰ পৰিচয় আৰক্ষীয়ে গোপনে ৰাখিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|