• Home
  • »
  • News
  • »
  • crime
  • »
  • Munnabhai of Kothiatoli : ৫ৰ পৰা ১০ হাজাৰ টকাৰ ঔষধৰ প্ৰেছক্ৰিপচন, মুন্নাভাই হ'লগৈ ১০৮ বাহনৰ কৰ্মচাৰী।

Munnabhai of Kothiatoli : ৫ৰ পৰা ১০ হাজাৰ টকাৰ ঔষধৰ প্ৰেছক্ৰিপচন, মুন্নাভাই হ'লগৈ ১০৮ বাহনৰ কৰ্মচাৰী।

আই এম চি (IMC )নামৰ এটা কোম্পানীৰ নাম লৈ ১০৮ সেৱাৰ কৰ্মচাৰী এন এন জামানে আয়ুৰ্বেদিক চিকিৎসাৰ নামত ৰাইজক দি আহিছে ৰামঠগন ৷

  • Share this:
মহামাৰী ক'ভিডৰ ভয়াৱহতাৰ সময়ত এখন এম্বুলেঞ্চৰ বাবে ৰাইজে হাহাকাৰ কৰিব লগা হৈছে, তেনে সময়তে নগাঁৱৰ কঠিয়াতলী চিকিৎসালয়ৰ এগৰাকী ১০৮ এম্বুলেঞ্চ (108 Ambulance) সেৱাৰ কৰ্মচাৰীয়ে নিজৰ খেয়াল খুচিমতে এম্বুলেঞ্চ ৰখাই থৈ এটা এপাৰ্টমেন্টত গোপনে আয়ুৰ্বেদিক চিকিৎসাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে  ৷ কঠিয়াতলীৰ এইজন মুন্নাভাই (Munnabhai)ৰ নাম এন এন জামান।

আই এম চি (IMC )নামৰ এটা কোম্পানীৰ নাম লৈ ১০৮ সেৱাৰ কৰ্মচাৰী এন এন জামানে আয়ুৰ্বেদিক চিকিৎসাৰ নামত ৰাইজক দি আহিছে ৰামঠগন ৷ প্ৰতি গৰাকী ৰোগীক বডী এনালাইজাৰ মেচিনেৰে পৰীক্ষা কৰি ৫ৰ পৰা ১০ হাজাৰ টকাৰ ঔষধ দি অনৈতিকভাৱে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ ৷ আনকি ৰোগীক চিকিৎসা কৰি ব্যৱস্থা পত্ৰও লিখি দিয়াৰ অভিযোগ ১০৮ ৰ কৰ্মচাৰী এন এন জামানৰ বিৰুদ্ধে ৷

আচলতে চিকিৎসাৰ নামত জামানে IMCৰ সামগ্ৰী বিক্ৰী আৰু নে়টৱৰ্কিঙৰ ধান্দাহে কৰি আছে। ১০৮ এম্বুলেঞ্চ নিজৰ মইমতালিৰে ব্যৱহাৰ কৰা এইগৰাকী ভুৱা চিকিৎসকৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ৷
Published by:Manjumoni Borah
First published: