চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। চৰাইদেউ আৰক্ষীৰ অভিযানত আজি পুনৰ উদ্ধাৰ হ'ল বুজন পৰিমাণৰ ড্ৰাগছসহ নগদ ধন। গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই সোণাৰি পৌৰসভাৰ ৭ নং ৱাৰ্ডৰ কৱৰস্থানপট্টিৰ বাসিন্দা আচিবুৰ ৰহমানৰ ঘৰৰপৰা জব্দ কৰিলে ড্ৰাগছভৰ্তি ৩৮টা কণ্টেনাৰ।
আনহাতে আৰক্ষীৰ অভিযানৰ উমান পায় ড্ৰাগছ সৰবৰাহকাৰী আচিবুৰ ৰহমানে পলায়ন কৰে যদিও তেওঁৰ পিতৃ মুজিবুৰ ৰহমান আৰু আচিবুৰৰ পত্নী চবনম বেগমক আটক কৰে আৰক্ষীয়ে। জানিব পৰা মতে, ধৃত লোককেইজনে এটি দহ বছৰীয়া কিশোৰৰ জৰিয়তে অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছিল বহু দিনৰ পৰা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|