• Home
  • »
  • News
  • »
  • crime
  • »
  • Fraudsters in Guwahati : গুৱাহাটী হৈ পৰিছে প্ৰৱঞ্চকৰ কেন্দ্ৰ! দুগুণ টকা দিয়াৰ অচিলাৰে মধ্যপ্ৰদেশৰ দম্পতীৰ পৰা প্ৰায় ১০ লাখ লুট, সাৱধান হওক আপুনিও

Fraudsters in Guwahati : গুৱাহাটী হৈ পৰিছে প্ৰৱঞ্চকৰ কেন্দ্ৰ! দুগুণ টকা দিয়াৰ অচিলাৰে মধ্যপ্ৰদেশৰ দম্পতীৰ পৰা প্ৰায় ১০ লাখ লুট, সাৱধান হওক আপুনিও

প্ৰথমে দিয়ে বিশ্বাস, তাৰ পিছত কৰে বিশ্বাসঘাতকতা

প্ৰথমে দিয়ে বিশ্বাস, তাৰ পিছত কৰে বিশ্বাসঘাতকতা

প্ৰথমে দিয়ে বিশ্বাস, তাৰ পিছত কৰে বিশ্বাসঘাতকতা

  • Share this:
১০ লাখ টকা দিয়ক আপোনাক ঘূৰাই দিয়া হ'ব ৪০ লাখ টকা ৷ মধ্যপ্ৰদেশৰ এটা দম্পতী এনে প্ৰলোভনতে হেৰুৱালে ৯ লাখ ৭৫ হাজাৰ টকা ৷ প্ৰথমতে ফোনযোগে যোগাযোগ দম্পতীৰ সৈতে ৷ প্ৰলোভন প্ৰকৃত টকা দি লৈ যাওক প্ৰকৃত টকাৰ নিচিনা জালনোট ৷ প্ৰৱঞ্চকৰ প্ৰলোভনত পৰি দম্পতীটোৱে দুমাহ পূৰ্বে মধ্য প্ৰদেশৰ পৰা গুৱাহাটীলৈ আহি প্ৰথমে প্ৰৱঞ্চকৰ দলটোৰ প্ৰকৃত টকাৰ বিনিময়ত সলনি কৰিলে ৫ হাজাৰ টকা ৷ কিন্তু প্ৰৱঞ্চকৰ দলটোৱে ৫ হাজাৰ টকা দিছিল প্ৰকৃত টকা ৷ তাৰ পিছত দম্পতীটোৱে পুনৰ দুমাহৰ পিছত উপস্থিত হৈ গুৱাহাটীত ৷ এইবাৰ সলনি কৰিবলৈ আনে ৯ লাখ ৭৫ হাজাৰ টকা ৷

প্ৰৱঞ্চকৰ দলটোৱে দম্পতীটোৰ পৰা টকাখিনি লৈ তাৰ বদলি প্ৰদান কৰে জাল নোটৰ পেকেট ৷ যেতিয়ালৈকে দম্পতীটোৱে টকাৰ পেকেটটো খুলি চাই তেতিয়াহে গম পায় প্ৰৱঞ্চনাৰ বলি হয় বুলি ৷ লগে লগে উপস্থিত হয় দিছপুৰ আৰক্ষী থানাত ৷ আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত ৷ নিশালৈ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই প্ৰৱঞ্চকক ৷

মধ্যপ্ৰদেশৰ লক্ষ্মী সিং নামৰ মহিলাগৰাকীয়ে সংবাদমাধ্যমৰ আগত দিয়া তথ্য অনুসৰি, নিৰ্মল দাস নামৰ প্ৰৱঞ্চকে ফোন যোগে যোগাযোগ কৰিছিল। তাৰ পাছত  টকা দুগুণ  কৰিবলৈ মধ্যপ্ৰদেশৰ পৰা অহা মহিলাগৰাকীক কথা মতেই  কাহিলিপাৰাৰ দুই প্ৰৱঞ্চকে প্ৰথমে দিয়ে  ৫০০০ টকা, সেয়া কেৱল বিশ্বাসত ল'বৰ বাবে প্ৰৱঞ্চকে দম্পতীটোক দিছিল।

আৰক্ষীয়ে ইতিমধ্যে ছাইফুল ইছলাম আৰু পি আৰ হুছেইনক ভগদত্তপুৰৰ ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও মূল মাষ্টাৰমাইণ্ড নিৰ্মল দাসে পলায়ন কৰে ৷ আৰক্ষীয়ে দুই প্ৰৱঞ্চকৰ পৰা জব্দ কৰে জাল টকা বনোৱা মেচিন, দুই পেকেট জাল নোট। সমগ্ৰ বিষয়ক লৈ পূব গুৱাহাটীৰ ডিচিপি সুধাকৰ সিঙে অব্যাহত ৰাখিছে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান। উল্লেখ্য, অসমত এতিয়া প্ৰৱঞ্চকে লৈছে নিতৌ নতুন কৌশল, যাৰ বাবে সকলো লোক সাৱধান হোৱাটো বাঞ্ছনীয়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি