உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • Covid19 Vaccine for Child : শিশুৰ বাবে কোৰোণা ভেকচিন আৱিস্কাৰ কৰিলে জাইডাছ কেডিলাই, জুন মাহৰ ভিতৰতে প্ৰয়োগৰ অনুমতি পোৱাৰ আশা।

    Covid19 Vaccine for Child : শিশুৰ বাবে কোৰোণা ভেকচিন আৱিস্কাৰ কৰিলে জাইডাছ কেডিলাই, জুন মাহৰ ভিতৰতে প্ৰয়োগৰ অনুমতি পোৱাৰ আশা।

    জাইডাছ কেডিলাৰ এই ভেকচিন হ'ব নীডল ফ্ৰী ভেকচিন। অৰ্থাৎ এই ভেকচিন বেজী আকাৰত নাথাকে।

    জাইডাছ কেডিলাৰ এই ভেকচিন হ'ব নীডল ফ্ৰী ভেকচিন। অৰ্থাৎ এই ভেকচিন বেজী আকাৰত নাথাকে।

    জাইডাছ কেডিলাৰ এই ভেকচিন হ'ব নীডল ফ্ৰী ভেকচিন। অৰ্থাৎ এই ভেকচিন বেজী আকাৰত নাথাকে।

    • Share this:
    কোৰোণাৰ দ্বিতীয় ঢৌৰ মহা আতংকৰ মাজতে জাইডাছ কেডিলাই আনিছে এক ভাল খবৰ। কোৰোণাৰ ঢৌৱে অধিক হাৰত শিশু আৰু কিশোৰক আক্ৰান্ত কৰাৰ বাবেই অভিভাৱকসকল অধিককউদ্বিগ্ন হৈ পৰিছে। এইফালে দেশত প্ৰদান কৰি থকা ভেকচিন এতিয়ালৈ ১৮ বছৰৰ তলৰ লোকক দিয়া হোৱা নাই। এনে সময়তে ঔষধ নিৰ্মাতা জাইডাছ কেডিলাৰ এই ঘোষণা আশাৰ ৰেঙণি আহিছে সকলোৰে বাবে।

    কোম্পানীটোৱে প্ৰস্তুত কৰিছে শিশুৰ কোৰণা ভেকচিন জাইকোভ-ডি (ZyKov-D) । এই ভেকচিনটো ৫ বছৰৰ পৰা ১২ বছৰৰ শিশুক দিব পৰা হ'ব। ইতিমধ্যে ৫ৰ পৰা ১২ বছৰৰ শিশুৰ ক্ষেত্ৰত ক্লিনিকেল পৰীক্ষাৰ বাবে অনুমতি বিচাৰিছে কোম্পানীটোৱে। জাইকোভ-ডি হৈছে প্লাজমিড ডিএনএ (Plasmid DNA) ভেকচিন। ইতিমধ্যে কোম্পানীটোৱে ১২ৰ পৰা ১৮ বছৰৰ ৮০০ কিশোৰৰ মাজত ক্লিনিকেল পৰীক্ষণ সম্পন্ন কৰিছে।

    জাইডাছ কেডিলাই জুন বা জুলাইৰ ভিতৰত এই ভেকচিনৰ জৰুৰীকালীন প্ৰয়োগৰ অনুমতি পোৱাৰ আশাৰে পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কোম্পানীটোৰ মহা প্ৰৱন্ধক শৰ্বিল পেটেলে টাইমছ অৱ ইণ্ডিয়াক কয় যে, "আমাৰ হাতত এই শ্ৰেণীৰ ভিতৰৰ শিশুৰ ওপৰত কৰা পৰীক্ষণৰ যথেষ্ট তথ্য থাকিব আৰু যদি সকলো সুকলমে সম্পন্ন হয়, তেনেহ'লে ১২ৰ পৰা ১৮ বছৰৰ বাবে ভেকচিন প্ৰয়োগৰ অনুমতি পোৱাৰ আশা আছে।" তেওঁ আৰু কয় যে ভেকচিনৰ পৰীক্ষণ বেছি বয়সৰ পৰা কম বয়সলৈ পৰ্যায়ক্ৰমে কৰা হয় আৰু ইয়াৰ ফলত ভেকচিন শিশুৰ ক্ষেত্ৰত প্ৰয়োগৰ বাবে অধিক সুৰক্ষিত হৈ উঠে।

    উল্লেখ্য যে জাইডাছ কেডিলাৰ এই ভেকচিন হ'ব নীডল ফ্ৰী ভেকচিন। অৰ্থাৎ এই ভেকচিন বেজী আকাৰত নাথাকে।

    শেহতীয়াকৈ জাইডাছ কেডিলাই মোনোক্লোনেল এণ্টিবডী ককটেইল নামৰ কোৰোণাৰ ঔষধবিধৰ ক্লিনিকেল পৰীক্ষণৰ বাবে DCGIৰ অনুমতি বিচাৰিছে। উল্লেখ্য যে জাইডাছ কেডিলা হৈছে একমাত্ৰ ভাৰতীয় কোম্পানী যি ককটেইল ভিত্তিক মোনোক্লোনেল এণ্টিবডী পদ্ধতিৰে কোভিড-১৯ চিকিৎসাৰ দৰৱ উদ্ভাৱন কৰিছে।
    Published by:Manjumoni Borah
    First published: