உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • Corona Vaccine: ছেপ্টেম্বৰৰ পৰা দেশৰ  চিকিৎসালয়ত উপলব্ধ হ’ব ১২বছৰৰ উৰ্দ্ধৰ সকলৰ Covid-19 ভেকচিন Zycov-D , অক্টোবৰৰ পৰা উৎপাদন হ’ব মাহে ১কোটি।

    Corona Vaccine: ছেপ্টেম্বৰৰ পৰা দেশৰ  চিকিৎসালয়ত উপলব্ধ হ’ব ১২বছৰৰ উৰ্দ্ধৰ সকলৰ Covid-19 ভেকচিন Zycov-D , অক্টোবৰৰ পৰা উৎপাদন হ’ব মাহে ১কোটি।

    এই ভেকচিনৰ সম্প্ৰতি পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ কোনো তথ্য প্ৰমাণ পোহৰলৈ অহা নাই । এই ভেকচিন ২৫ডিগ্ৰী চেলচিয়াচত তিনি মাহ পৰ্যন্ত সংৰক্ষিত কৰি ৰাখিব পাৰি । 

    এই ভেকচিনৰ সম্প্ৰতি পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ কোনো তথ্য প্ৰমাণ পোহৰলৈ অহা নাই । এই ভেকচিন ২৫ডিগ্ৰী চেলচিয়াচত তিনি মাহ পৰ্যন্ত সংৰক্ষিত কৰি ৰাখিব পাৰি । 

    এই ভেকচিনৰ সম্প্ৰতি পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ কোনো তথ্য প্ৰমাণ পোহৰলৈ অহা নাই । এই ভেকচিন ২৫ডিগ্ৰী চেলচিয়াচত তিনি মাহ পৰ্যন্ত সংৰক্ষিত কৰি ৰাখিব পাৰি । 

    • Share this:
    কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনস্থ Drug Controller General of India চমুকৈ DCGIয়ে কিশোৰ কিশোৰীৰ কাৰণে Covid-19ৰ প্ৰতিষেধক Zycov-Dৰ জৰুৰীকালীন ব্যৱহাৰৰ কাৰণে অনুমোদন প্ৰদান কৰাৰ পিছতে ভেকচিনটোৰ নির্মাতা Zydus Cadillaৰ তৰফৰ পৰা কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰা হৈছে । আহমেদাবাদৰ ঔষধ কোম্পানীটোৰ পৰিচালন সঞ্চালক ডা৹ শাৰৱিল পেটেলে আজি জনোৱা মতে অহা ছেপ্টেম্বৰ মাহৰ মাজ ভাগৰ পৰা ভেকচিনৰ যোগান আৰম্ভ হৈ যাব আৰু অক্টোবৰ মাহৰ পৰা কোম্পানীটোৱে মাহে ১কোটি ভেকচিন উৎপাদন কৰিব ।

    ডা৹ পেটেলে লগতে কয় – প্ৰাথমিক পৰ্যায়ত সীমিত পৰিমাণৰ ভেকচিন উৎপাদন কৰা হৈছে আৰু ক্ৰমান্বয়ে এই উৎপাদন বৃদ্ধি কৰা হ'ব । ভেকচিন সমূহ কেন্দ্ৰীয় চৰকাৰক যোগান ধৰা হ’ব আৰু কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল’ব ক’ত কেনেকৈ কি ধৰণে ১২বছৰৰ উৰ্দ্ধৰ কিশোৰ কিশোৰী সকলক এই ভেকচিন প্ৰদান কৰা হ’ব। এই ভেকচিন তিনি পালি গ্ৰহণ কৰিব লাগিব । মাৰ্কিন যুক্তৰাষ্ট্ৰইও ভেকচিন বিচাৰি আবেদন জনাইছে বুলি জানিবলৈ দিয়ে ডা৹ পেটেলে ।

    উল্লেখযোগ্য যে Lancet আলোচনীত ইতিমধ্যে এই ভেকচিনটোৰ প্ৰথম লানি আৰু দ্বিতীয় লানি পৰীক্ষাৰ ফলাফল প্ৰকাশ পাইছে । সম্প্ৰতি পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ কোনো বিশেষ তথ্য প্ৰমাণ পোহৰলৈ অহা নাই । এই ভেকচিন ২৫ডিগ্ৰী চেলচিয়াচত তিনি মাহ সংৰক্ষিত কৰি ৰাখিব পাৰি ।

    Zydus Cadilaই Biotechnology বিভাগৰ সহযোগত মিছন Covid সুৰক্ষাৰ বেনাৰত প্ৰস্তুত কৰিছে এই ভেকচিন । ই বিশ্বৰ একমাত্ৰ DNA based ভেকচিন যিটো বেজীৰে প্ৰদান কৰা নহয় । অন্তিমটো Clinical Trialত সন্তোষজনক ফলাফল ওলোৱাৰ পিছত Drug Controller General of Indiaই ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে । অন্তিমতো পৰীক্ষাত Zycov-D ৬৬.৬শতাংশ ফলদায়ক বুলি প্ৰমাণ পোৱা গৈছে । এই পৰীক্ষণ ২৮০০০জনৰ শৰীৰত কৰা হৈছিল । Biotechnology বিভাগে দাবী কৰা মতে এইটো দেশৰ সৰ্ববৃহৎ Covid-19 ভেকচিনৰ পৰীক্ষা ।
    Published by:Manjumoni Borah
    First published: