‘পৰিয়ালৰ সৈতে থাকক, চিনেমা চাওক, ঘৰৰ আধৰুৱা কামবোৰ কৰক, সুৰক্ষিত থাকক’

News18 Assam | News18-Assam
Updated:March 21, 2020, 3:18 PM IST
‘পৰিয়ালৰ সৈতে থাকক, চিনেমা চাওক, ঘৰৰ আধৰুৱা কামবোৰ কৰক, সুৰক্ষিত থাকক’
ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি অসমবাসীলৈ আহ্বান জনালে জুবিন গাৰ্গে

ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি অসমবাসীলৈ আহ্বান জনালে জুবিন গাৰ্গে

  • Share this:
বৰ্তমান সমগ্ৰ বিশ্বতে ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। অসমতো ক’ৰোণা ভাইৰাছকলৈ বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। অসুস্থতাৰ পিছত ক্ৰমাৎ এতিয়া সুস্থ হৈ উঠা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে অসমবাসীলৈ জনাইছে বিশেষ আহ্বান।

জুবিন গাৰ্গে নিজৰ ছচিয়েল চাইটত লিখিছে যে,


  • অযথা উত্তেজিত নহ’ব

  • উৰা বাতৰি নিবিয়পাব

  • উৰা বাতৰিক বিশ্বাস নকৰিব

  • মাস্ক আৰু হেণ্ড চেনিছাইটৰ ব্যৱহাৰ কৰক


  • যদি চেনিটাইজাৰ নাই তেন্তে চাবোনেৰে সঘনাই হাত ধোৱক

  • ৰাজহুৱা সভা–সমিতিৰ পৰা দূৰত থাকক

  • ক’ৰোণাৰ লক্ষণ সমূহ দেখা পালে চিকিৎসকৰ পৰামৰ্শ লওক

  • যদি অসমৰ বাহিৰলৈ এইমাহত গৈছিল,তেন্তে সতৰ্ক হৈ থাকক


জুবিন গাৰ্গে লগতে কয়. যে, ‘এতিয়া সককলোৱে পৰিয়ালক সময় দিয়ক, চিনেমা চাওক, গান শুনক, ভালদৰে আৰাম কৰক, ভালদৰে থাকক, সতৰ্ক হওক।’
Published by: Himangshu Bhuyan
First published: March 21, 2020, 3:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading