কোৰোণা ভাইৰাছত আক্ৰান্ত নৱজাতক শিশু, প্ৰথম আটাইতকৈ কম বয়সীয়া আক্ৰান্ত ৰোগী

News18 Assam | News18-Assam
Updated:March 14, 2020, 2:33 PM IST
কোৰোণা ভাইৰাছত আক্ৰান্ত নৱজাতক শিশু, প্ৰথম আটাইতকৈ কম বয়সীয়া আক্ৰান্ত ৰোগী
ইংলেণ্ডত নৱজাতক শিশুটি কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত মাতৃয়ে ভাবি আছিল যে শিশুটিৰ নিউমোনিয়া হৈছে। 

ইংলেণ্ডত নৱজাতক শিশুটি কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত মাতৃয়ে ভাবি আছিল যে শিশুটিৰ নিউমোনিয়া হৈছে। 

  • Share this:
বিশ্বত প্ৰথমবাৰলৈ এটি নৱজাতক শিশু কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। এইটো আটাইতকৈ কম বয়সীয়া কোৰোণা ভাইৰাছ আক্ৰান্তৰ খবৰ। নৱজাতক শিশুটি কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতো মাতৃয়ে ভাবি আছিল যে, শিশুটিৰ নিউম’নিয়া হৈছে।

দ্য চানৰ ৰিপ’ৰ্ট অনুসৰি নৱজাতক শিশুটি হাস্পতাললৈ নিয়াৰ কিছু মিনিটৰ পিছতে চিকিৎসকে শিশুটি কোৰোণা আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰে। চিকিৎসকে এতিয়া জানিবলৈ চেষ্টা কৰি আছে যে শিশুটি জন্ম হোৱাৰ পিছত সংক্ৰমিত হৈছে নে মাতৃৰ গৰ্ভতে শিশুটি সংক্ৰমিত হৈছিল? শিশুটিক হাস্পতালত ৰখা হৈছে আনহাতে মাতৃক আন এখন স্পেচিয়েলিষ্ট ইনফেকশ্যনছ থকা হাস্পতালত চিফট কৰা হৈছে।

সংক্ৰমণৰ পিছতো মাতৃদুগ্ধ খাবলৈ দিয়াৰ পৰামৰ্শ

মাতৃ আৰু শিশুৰ চোৱা–চিতা কৰা ষ্টাফক স্ব–আইছ’লেশ্যনত থকাৰ পৰামৰ্শ দিয়া হৈছে। স্বাস্থ্য বিভাগে এই কথা জানিবলৈ চেষ্টা কৰিছে যে কি পৰিস্থিতিত সংক্ৰমণ হৈছে।

বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ দিছে যে শিশুটিক মাতৃৰ পৰা আঁতৰাব নালাগে। সংক্ৰমণৰ পিছতো মাতৃদুগ্ধ শিশুটিক খাবলৈ দিব লাগে। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অৱশ্যে জনোৱা হৈছে যে শিশুটি আৰু মাতৃ দুয়ো বিপদৰ পৰা বাহিৰত আছে। সংক্ৰমণৰ লক্ষণো অতি সামান্য।

উল্লেখযোগ্য যে, ইংলেণ্ডত কোৰোণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছেষ এইপৰ্যন্ত সংক্ৰমণত ৭৯৮জন লোক আক্ৰান্ত হৈছে। দহজন লোকৰো মৃত্যু হৈছে। বিগত ২৪ঘণ্টাত ভাইৰাছৰ সংক্ৰমণত ৩৫শতাংশ বৃদ্ধি দেখিবলৈ পোৱা গৈছে। বৰ্তমান যিকোনো ধৰণৰ সমাৰোহ, সমাৱেশ আদি নিষিদ্ধ কৰা হৈছে। ৰাজহুৱা পৰিবহন ব্যৱস্থা বন্ধ, সকলো ফালে কোৰোণাৰ আতংক এতিয়া ইংলেণ্ডত।
আৰু চাওক
পৰৱৰ্তী বাতৰি