ফাইজাৰ ভেকচিনৰ নিৰ্মাতা মডাৰ্ণা (Moderna)ৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) ষ্টেফানি বাঞ্চেল (Stephane Bancel) আৰু বায়'এনটেক (BioNTech)ৰ ইউগাৰ ছাহিন (Ugur Sahin)
ফাইজাৰ ভেকচিনৰ নিৰ্মাতা মডাৰ্ণা (Moderna)ৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) ষ্টেফানি বাঞ্চেল (Stephane Bancel) আৰু বায়'এনটেক (BioNTech)ৰ ইউগাৰ ছাহিন (Ugur Sahin)
সমগ্ৰ বিশ্বত কোটি কোটি মানুহ আক্ৰান্ত হৈছে আৰু লাখ লাখ মানুহ মৰিছে মহামাৰী কোৰোণাত। কিন্তু এই কোৰোণাৰ প্ৰতিষেধক বিক্ৰী বিলিয়নেয়াৰ (billionaire) হৈছে কেইবাজনো উদ্যোগপতি। এক সমীক্ষা মতে কোৰোণা ভেকচিন বিক্ৰী কৰি বিশ্ৱত নতুনকৈ বিলয়নেয়াৰ হৈছে ৯ গৰাকী ব্যৱসায়ী।
এওলোকৰ ভিতৰত আছে ফাইজাৰ ভেকচিনৰ নিৰ্মাতা মডাৰ্ণা (Moderna)ৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) ষ্টেফানি বাঞ্চেল (Stephane Bancel) আৰু বায়'এনটেক (BioNTech)ৰ ইউগাৰ ছাহিন (Ugur Sahin)
আন তিনিজন নতুন বিলিয়নেয়াৰৰ ভিতৰত আছে চীনৰ ভেকচিন নিৰ্মাতা কোম্পানী কানচিনো বায়'লজিকচ (CanSino Biologics)ৰ তিনিজন যৌথ প্ৰতিষ্ঠাতা।
উল্লেখ্য যে এই নতুন ৯ গৰাকী বিলিয়নেয়াৰৰ হাতত এতিয়া থকা সম্পদৰ পৰমাণ হৈছে ১৯.৩ বিলিয়ন ডলাৰ। এই ৯ জন লোকৰ ধনেৰে বিশ্বৰ কাম আয়ৰ দেশৰ সমস্ত লোকক প্ৰায় দুবাৰ ভেকচিন প্ৰদান কৰাব পৰা হ'ব। দি পিপলছ ভেকচিন এলায়েন্স (The People's Vaccine Alliance) নামৰ সংস্থাটোৱে জনাইছে এই কথা।
এই ৯ গৰাকী নতুন বিলিয়নেয়াৰৰ উপৰি পূৰ্বেই বিলিয়নেয়াৰ হোৱা আন ৮ গৰাকী উদ্যোগপতিৰ সম্পত্তি কোৰোণা কালত ৩২.২ বিলিয়ন ডলাৰ অতিৰিক্ত বৃদ্ধি হৈছে। কোৰোণাৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া আশীৰ্বাদ হৈ আহিছে এওঁললোকলৈ।
ভেকচিন নিৰ্মাতাই কোটি কোটি টকাৰ আয় কৰিছে কিন্তু পৰ্যাপ্ত পৰিমাণে ভেকচিন উৎপাদন বৃদ্ধ্ নোহোৱাত ভেকচিন প্ৰদান প্ৰক্ৰিয়া বাধাগ্ৰস্ত হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|