#StayHome:গুৱাহাটীৰ GIMTএ সমৰ্থন কৰিছে UGC আৰু MHRDৰ পদক্ষেপক

News18 Assam | News18-Assam
Updated:March 24, 2020, 6:54 PM IST
#StayHome:গুৱাহাটীৰ GIMTএ সমৰ্থন কৰিছে UGC আৰু MHRDৰ পদক্ষেপক
গুৱাহাটীৰ GIMTএ UGC আৰু MHRDৰ পদক্ষেপক সমৰ্থন কৰে। যা’তে ভাৰতবৰ্ষই COVID-19ৰ সৈতে যুঁজিব পাৰে।

গুৱাহাটীৰ GIMTএ UGC আৰু MHRDৰ পদক্ষেপক সমৰ্থন কৰে। যা’তে ভাৰতবৰ্ষই COVID-19ৰ সৈতে যুঁজিব পাৰে।

  • Share this:
#work and Study from home
COVID-19 মহামাৰীৰ সন্ত্ৰাস সমগ্ৰ বিশ্বতে। বৰ্তমান ভাৰতবৰ্ষতো ই মহামাৰীৰ ৰূপ লৈছে। এতিয়ালৈকে ভাৰতবৰ্ষত ৫০০ৰো অধিক লোকৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সংস্থা যেনে MHRD আৰু UGCএ সকলো প্ৰতিষ্ঠানক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিছে।

অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ অভিযান্ত্ৰিক মহাবিদ্যালয় GIMTএ UGC আৰু MHRDৰ পদক্ষেপক সমৰ্থন জনাইছে। ইতিমধ্যে GIMTৰ সকলো বিভাগ যেনে, CSE, ME, Civil Ece, EE, Business Adminsitration, Comp appl এ গ’গল ক্লাছৰূম, Whatsapp Group, Emailৰ দ্বাৰা ২৩ মাৰ্চৰ পৰা ৩১ মাৰ্চ তাৰিখলৈকে তেওঁলোকৰ ডিজিটেল ক্লাচৰূম আৰম্ভ কৰিছে।

GIMT–Gৰ অন্তৰ্ভুক্ত শ্ৰীমন্ত শংকৰ একাডেমীয়েও বিভাগসমূহৰ এই পদক্ষেপক সমৰ্থন কৰিছে।

ইতিমধ্যে শিক্ষানুষ্ঠানখনে ইয়াৰ বাবে এক্সন প্লেন প্ৰস্তুত কৰিছে। আৰু যদি ৩১ মাৰ্চৰ পিছতো দেশত এই পৰিস্থিতি বাহাল থাকে, তেন্তে শিক্ষানুষ্ঠানখনে ‘Work/Study From home’ৰ ম্যাদ বৃদ্ধি কৰিব বুলি জনাইছে।

বৰ্তমান তেওঁলোকে উল্লেখ কৰা মাধ্যম সমূহৰ দ্বাৰা ছাত্ৰ–ছাত্ৰীৰ শৈক্ষিক দিশত থকা সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা কৰিছে। শিক্ষক, নিৰ্দেশক সকলোৱে ছাত্ৰ–ছাত্ৰীক ERO Portal বা Whatsapp Groupৰ দ্বাৰা শৈক্ষিক নিৰ্দেশনা প্ৰদান কৰিছে আৰু অনলাইন শিক্ষাৰ সম্পৰ্কে সচেতনতা বৃদ্ধিৰ চেষ্টা কৰিছে।

GIMTৰ অধ্যক্ষয়ে সকলো ছাত্ৰ–ছাত্ৰীক Whatsapp Group, Email, গ’গল ক্লাছৰূমত সক্ৰিয় হৈ ডিজিটেল প্ৰক্ৰিয়াৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি